নতুন পৰ্যটন বৰ্ষৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
জীৱ-বৈচিত্ৰ্য ৰক্ষা আৰু স্থানীয় লোকৰ অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব
আৰম্ভ জীপ ছাফাৰী, শীঘ্ৰেই আৰম্ভ হ'ব হাতী ছাফাৰী
কঁহৰা, ৩ অক্টোবৰ: দেশ-বিদেশৰ প্ৰকৃতিপ্ৰেমী তথা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শনিবাৰে কঁহৰা ৰেঞ্জত আয়োজিত এক বিশেষ অনুষ্ঠানত বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ পৰ্যটন বৰ্ষৰ শুভ উদ্বোধন কৰে। মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত অনুষ্ঠিত এই শুভাৰম্ভণি অনুষ্ঠানৰ লগে লগে উদ্যানখনত জীপ ছাফাৰী সেৱা আৰম্ভ হয়। আনহাতে, প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত অহা ১০-২০ দিনৰ ভিতৰত হাতী ছাফাৰীও মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়া হয়।উদ্বোধনী ভাষণত বন মন্ত্ৰীগৰাকীয়ে আশাপ্ৰকাশ কৰে যে চলিত বৰ্ষত পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ অৰ্থনৈতিক স্বাৱলম্বনৰ মাধ্যম হৈ পৰে, সেই দিশত বন আৰু পৰ্যটন বিভাগে যৌথভাৱে কাম কৰি থকাৰ কথা তেওঁ সদৰী কৰে। কাজিৰঙাৰ সমান্তৰালকৈ কাষৰীয়া অঞ্চলসমূহ সামৰি ২ৰ পৰা ৪ দিনীয়া নতুন ‘পৰ্যটন চাৰ্কিট’ গঢ়ি তোলাৰ পৰিকল্পনা চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে পৰ্যটকৰ সুবিধা বৃদ্ধিৰ সমান্তৰালভাৱে উদ্যানখনৰ জৈৱিক আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুট ৰখাটো চৰকাৰৰ মুখ্য উদ্দেশ্য। ৰাজ্য চৰকাৰৰ সফল সংৰক্ষণ নীতিৰ ফলতে কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ প্ৰায় শূন্য হৈ পৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।


Comments
Post a Comment