LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সাংস্কৃতিক

গোলাঘাটত ১০ দিনীয়া শিশু নাট কৰ্মশালাৰ সফল সামৰণি

গোলাঘাটত ১০ দিনীয়া শিশু নাট কৰ্মশালাৰ সফল সামৰণি

 

ডিজিটেল ডেস্ক, গোলাঘাট, ১৬ জুলাই: অসম নাট্য সন্মিলন, গোলাঘাট নগৰ শাখা সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত যোৱা ৬ জুলাইৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া শিশু নাট কৰ্মশালাৰ আজি ১৬ জুলাইত সফল সামৰণি পৰে। গোলাঘাট টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।

গোলাঘাট জিলা অসম নাট্য সন্মিলনৰ সম্পাদক অমৃত বল্লভ গোস্বামীয়ে সূচাৰুৰূপে আঁত ধৰা সামৰণি অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ উপ-সভাপতি গকুল বৰা, উপদেষ্টা মৃদুল শৰ্মা আৰু গোলাঘাট জিলা নাট্য সন্মিলনৰ সভাপতি যতীন বৰা। ইয়াৰ উপৰি গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, বিশিষ্ট প্ৰবীণ শিল্পী দিলীপ শইকীয়া, অভিনেতা সুনীল ৰাজগুৰু, নগৰ শাখাৰ সম্পাদিকা নিলোফাৰ মেহতাবী আৰু কাৰ্য্যকৰী সভাপতি পলাস লইঙকে ধৰি অঞ্চলটোৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

সামৰণি অনুষ্ঠানত কৰ্মশালাৰ আটাইকেইগৰাকী প্ৰশিক্ষাৰ্থী শিশুৱে ১০ দিনে শিকা নাট্য কৌশল তথা অভিনয়াংশ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মোহিত কৰে। শিশুসকলৰ সুন্দৰ অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কৰ্মশালাখনিত অহোপুৰুষাৰ্থ কৰা তিনিগৰাকী দক্ষ প্ৰশিক্ষক ক্ৰমে— অন্তৰা হাজৰিকা, ছত্ৰপতি চেতিয়া আৰু সুস্মিতা শইকীয়াকো আয়োজক সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থকা বক্তাসকলে নতুন প্ৰজন্মৰ মাজত নাট্য চৰ্চাৰ পৰিৱেশ জীয়াই ৰখা আৰু শিশুসকলৰ মানসিক বিকাশৰ ক্ষেত্ৰত এনেধৰণৰ নাট কৰ্মশালাৰ অপৰিসীম গুৰুত্বৰ কথা উল্লেখ কৰে। আগন্তুক দিনতো এনেধৰণৰ গঠনমূলক কাৰ্যসূচী গ্ৰহণ কৰি যাবলৈ বক্তাসকলে উদ্যোক্তাসকলক আহ্বান জনায়। অন্তত সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ পিছত অনুষ্ঠানৰ সফল সমাপ্তি ঘটে।

Comments