LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

আন্ত:ৰাষ্ট্ৰিয়

ভূটানত হিমবাহ হ্ৰদ বিস্ফোৰণ: ধুবুৰী আৰু পশ্চিমবংগত আকস্মিক বানৰ সতৰ্কবাৰ্তা জাৰি কেন্দ্ৰীয় জল আয়োগৰ

 ভূটানত হিমবাহ হ্ৰদ বিস্ফোৰণ: ধুবুৰী আৰু পশ্চিমবংগত আকস্মিক বানৰ সতৰ্কবাৰ্তা জাৰি কেন্দ্ৰীয় জল আয়োগৰ

শ্বিনটাফু হ্ৰদত গ্লেচিয়েল বিস্ফোৰণৰ ফলত হঠাৎ ফেনে-ফোটোকাৰে বাঢ়িছে পানী

বিশেষ প্ৰতিবেদন: ভূটানৰ পুনাৎছাংছু নদীত থকা শিন্তাফু হ্ৰদত শেহতীয়াকৈ হিমবাহজনিত হ্ৰদ বিস্ফোৰণৰ ফলত হোৱা বানপানী (GLOF) সংঘটিত হৈছে বুলি ভাৰতীয় দূতাবাসে সদৰী কৰিছে। ইয়াৰ পৰিণতিত পুনাৎছাংছু নদীৰ উজনি অংশত সৃষ্টি হোৱা তীব্ৰ আকস্মিক বানে ভাৰততো ভাবুকি কঢ়িয়াই আনিছে। ভাৰতত সংকোশ নদী হিচাপে বৈ অহা এই নদীখনৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পাই পশ্চিমবংগৰ আলিপুৰদুৱাৰ আৰু অসমৰ ধুবুৰী জিলাত জলপ্লাৱনৰ সৃষ্টি কৰাৰ প্ৰবল সম্ভাৱনা আছে।

ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় জল আয়োগৰ বান পূৰ্বাভাস নিৰীক্ষণ সঞ্চালকালয়ে জাৰি কৰা এক বিশেষ সতৰ্কবাৰ্তা অনুসৰি, এই বানৰ পানী উজনিৰ পৰা বৈ আহি ৬ৰ পৰা ৮ ঘণ্টাৰ ভিতৰত ভাৰত সীমান্তত প্ৰৱেশ কৰিব আৰু ইয়াৰ প্ৰভাৱ আলিপুৰদুৱাৰ তথা ধুবুৰী জিলাত পৰিব। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংকোশ নদীৰ পাৰত অৱস্থিত অসম আৰু পশ্চিমবংগৰ সংশ্লিষ্ট জিলা প্ৰশাসনক সম্পূৰ্ণ সতৰ্ক হৈ থাকিবলৈ, নদীৰ গতিবিধি কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ আৰু তাৎক্ষণিকভাৱে যাৱতীয় আগতীয়া প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Comments