জাতীয় গীতৰ স্তৱক নিৰ্ধাৰণ কৰাৰ অধিকাৰ সংসদৰ
ধৰ্মীয় স্বাধীনতা উলংঘনৰ দিশ পৰীক্ষা কৰিব শীৰ্ষ আদালতে
নতুন দিল্লী: ধৰ্মীয় বিশ্বাস বা বিবেকৰ তাড়নাত কোনো ব্যক্তিয়ে জাতীয় গীত 'বন্দে মাতৰম' নাগায়িলে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিনে নোৱাৰি, সেই বিষয়টো পৰীক্ষা কৰিবলৈ মঙলবাৰে সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। অৱশ্যে 'বন্দে মাতৰম' দুটা স্তৱকৰ নে ছটা স্তৱকৰ হ’ব লাগে— সেই সন্দৰ্ভত কোনো সিদ্ধান্ত দিয়াৰ পৰা বিৰত থাকি আদালতে স্পষ্ট কৰি দিয়ে যে এয়া সম্পূৰ্ণৰূপে সংসদৰ বিবেচনাৰ বিষয় আৰু আদালতে ৰাষ্ট্ৰীয় আকাংক্ষাক নিৰ্দেশ দিব নোৱাৰে।
কৰ্ণাটক সংগীতৰ বিশিষ্ট শিল্পী টি এম কৃষ্ণই দাখিল কৰা এখন আবেদনৰ শুনানিকালত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে কয় যে ১৯৮৬ চনৰ ঐতিহাসিক 'বিজয় ইমানুৱেল বনাম কেৰালা' ৰায় এতিয়াও দেশৰ আইন হিচাপে বাহাল আছে। উক্ত ৰায় অনুসৰি, নীৰৱে থিয় হৈ সন্মান প্ৰদৰ্শন কৰা সত্ত্বেও জাতীয় সংগীত নাগায়িলে কোনো ব্যক্তিক শাস্তি প্ৰদান কৰিব নোৱাৰি। আদালতে কেন্দ্ৰীয় চৰকাৰক দুসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দি কয় যে অনুচ্ছেদ ২৫ৰ অধীনত থকা ধৰ্মীয় স্বাধীনতা আৰু বিবেকবান প্ৰতিবাদকাৰীৰ (conscientious objector) মৌলিক অধিকাৰ উলংঘন হ’ব নালাগে।
টি এম কৃষ্ণৰ হৈ জ্যেষ্ঠ অধিবক্তা এছ মুৰলীধৰে আদালতত যুক্তি দৰ্শাইছিল যে বন্দে মাতৰমৰ শেষৰ চাৰিটা স্তৱকত হিন্দু দেৱীক বন্দনা কৰা হৈছে, যিয়ে মূৰ্তি পূজা নকৰা অন্য সম্প্ৰদায়ৰ বিশ্বাসত আঘাত হানিব পাৰে। সেয়েহে ১৯৩৭ চনৰ দৰেই ইয়াক দুটা স্তৱকতে সীমাবদ্ধ ৰাখিব লাগে। আনহাতে, সংশোধিত আইন অনুসৰি এই গীত পৰিৱেশনত বাধা দিলে তিনি বছৰলৈ কাৰাদণ্ডৰ ব্যৱস্থা ৰখাটোক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে। শুনানিৰ সময়ত মুৰলীধৰ আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ মাজত তীব্ৰ বাদানুবাদো হয়। মেহতাই আবেদনখনক চাঞ্চল্য সৃষ্টিৰ প্ৰয়াস আখ্যা দি কয় যে সংসদত গৃহীত আইনক আদালতত তৰ্কৰ বিষয় কৰিব নালাগে। আদালতে এই সন্দৰ্ভত আনুষ্ঠানিক জাননী জাৰি নকৰিলেও শাস্তিমূলক ব্যৱস্থাৰ বৈধতা পৰীক্ষা কৰিব বুলি নিশ্চিত কৰে।
Comments
Post a Comment