LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

স্থানীয় বাতৰি

কামৰূপৰ পছৰীয়া উজানটোলত বিধ্বংসী অগ্নিকাণ্ড

কামৰূপৰ পছৰীয়া উজানটোলত বিধ্বংসী অগ্নিকাণ্ড

স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰিল বাসগৃহ আৰু ৯৫ বছৰীয়া বৃদ্ধা

শুৱালকুছি: কামৰূপ জিলাৰ অন্তৰ্গত পছৰীয়া উজানটোলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ বাসিন্দা অমৃত কলিতা ওৰফে ভদীয়া কলিতাৰ বাসগৃহৰ সমীপতে থকা গৰু গোহালিত হঠাৎ এই জুইৰ সূত্ৰপাত ঘটে।

প্ৰাপ্ত তথ্য অনুসৰি, গোহালি ঘৰটোত মহৰ উপদ্ৰৱ ৰোধ কৰিবলৈ দিয়া ধোঁৱাৰ পৰাই অসাৱধানতাবশতঃ এই জুই জ্বলি উঠে। মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই সমগ্ৰ গোহালি ঘৰটো আগুৰি ধৰে আৰু কাষতে থকা মূল বাসগৃহলৈও জুই বিয়পি পৰাৰ উপক্ৰম হয়।

ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামে। ৰাইজৰ সাহসিকতা আৰু তৎপৰতাৰ বাবেই ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা ভদীয়া কলিতাৰ ৯৫ বছৰীয়া শাহুৱেকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও গোহালিত থকা সকলো গো-ধনক স্থানীয় ৰাইজে অক্ষত অৱস্থাত বাহিৰলৈ উলিয়াই আনে। স্থানীয় লোকসকলৰ ক্ষিপ্ৰ পদক্ষেপৰ বাবেই পৰিয়ালটোৰ মূল বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যোৱাৰ পৰা কথমপি ৰক্ষা পৰে।

পাছত ঘটনাৰ খবৰ পাই শুৱালকুছিৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু গাঁওবাসীৰ সহযোগত বহু চেষ্টাৰ অন্তত জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰে। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় এক লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হৈ ক্ষয়-ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।

Comments