দুৰ্গা পূজাৰ পিছত দিছপুৰত অনুষ্ঠিত হ’ব আনুষ্ঠানিক বৈঠক
সমস্যা সমাধানৰ দাবীত আক্ৰাছুসহ কেইবাটাও প্ৰতিনিধি দলৰ সাক্ষাৎ
সমন্বয়কৰ দায়িত্বত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ
বঙাইগাঁও, ৬ অক্টোবৰ: কোচ-ৰাজবংশী সমাজৰ বিভিন্ন দীৰ্ঘদিনীয়া আৰু জ্বলন্ত সমস্যা সমাধানৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি কোচ-ৰাজবংশী সংগঠনসমূহৰ এক গুৰুত্বপূৰ্ণ চমু আলোচনা অনুষ্ঠিত হয়। বঙাইগাঁওস্থিত আৰক্ষী কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই বৈঠকত আক্ৰাছু (AKRSU), কোচ-ৰাজবংশী সাহিত্য সভা, সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী, আক্ৰাছু (ইউজি), কোচ-ৰাজবংশী সংগ্ৰাম সমিতি, সদৌ কোচ-ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু কোচ-ৰাজবংশী সাংস্কৃতিক সমাজৰ প্ৰতিনিধিসকলে ভাগ লয়।
বৈঠকত প্ৰতিনিধিসকলে জনগোষ্ঠীটোৰ মূল সমস্যা আৰু দাবীসমূহ মুখ্যমন্ত্ৰীৰ সন্মুখত ডাঙি ধৰে। আলোচনাৰ অন্তত বিষয়সমূহ গুৰুত্বসহকাৰে বিবেচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দুৰ্গাপূজাৰ পাছতেই দিছপুৰত সংগঠনসমূহৰ সৈতে এখন আনুষ্ঠানিক আৰু বিস্তৃত বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে, দিছপুৰত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ যাৱতীয় আয়োজন আৰু সমন্বয় ৰক্ষাৰ দায়িত্ব অসম চৰকাৰৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰক অৰ্পণ কৰা হৈছে।
Comments
Post a Comment