গুৱাহাটী, ৫ অক্টোবৰ: অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যৰ নিযুক্তি, ঐতিহ্য সংৰক্ষণ, আন্তঃগাঁথনি তথা বৃহৎ ঔদ্যোগিক বিনিয়োগ সম্পৰ্কীয় কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, এ পি আৰ অ’ (APRO), এছ ডি আৰ এফ (SDRF), অগ্নিনিৰ্বাপণ সেৱা, বন সুৰক্ষা বাহিনী আৰু আবকাৰী বিভাগৰ ১১টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত ১২ শতাংশ সংৰক্ষণৰ ব্যৱস্থাত আনুষ্ঠানিক অনুমোদন জনোৱা হয় । ইয়াৰ সমান্তৰালভাৱে, পশ্চিমবংগৰ ঐতিহাসিক শ্ৰীশ্ৰীমধুপুৰ সত্ৰৰ সুচাৰু পৰিচালনাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মাহেকীয়া ১ লাখ টকা প্ৰদানৰ সিদ্ধান্তৰ লগতে বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাছাও পৰিষদীয় অঞ্চলত ‘জল জীৱন মিছন’ৰ সফল ৰূপায়ণৰ স্বাৰ্থত অসম চৰকাৰ আৰু সংশ্লিষ্ট পৰিষদসমূহৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত সন্মতি প্ৰকাশ কৰা হয় । প্ৰকৃতি আৰু বন সংৰক্ষণৰ লক্ষ্যৰে কেবিনেটে বৈদ্যুতিক, চি এন জি আৰু দুচকীয়া-তিনিচকীয়া যান-বাহনক ৰেহাই দি অন্য বাহনৰ মালিকীস্বত্ব হস্তান্তৰৰ সময়ত ‘সেউজ উপকৰ’ আৰোপ কৰাৰ নিৰ্দেশ দিয়ে । অন্যহাতে, ঔদ্যোগিক খণ্ডত ১০,২০০ কোটি টকা ব্যয়সাপেক্ষ ‘ডালমিয়া ভাৰত গ্ৰীন ভিজন লিমিটেড’ৰ ক্লিংকাৰ প্ৰকল্পলৈ বিশেষ উদগনি প্ৰদানৰ উপৰি কাছাৰী বজাৰৰ পৰা নীলাচল পাহাৰলৈ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ ডিপিআৰ প্ৰস্তুত কৰিবলৈ টাটা কনচাল্টিং ইঞ্জিনিয়াৰ্ছক দায়িত্ব অৰ্পণ কৰা হৈছে । তদুপৰি পৌৰ নিগমৰ নিৰ্বাচনী বিবাদ মীমাংসাত জিলা আদালতক ক্ষমতা প্ৰদান, পথ নিৰ্মাণৰ কাৰ্যদক্ষতা বঢ়াবলৈ লোক নিৰ্মাণ বিভাগৰ পুনৰ্গঠন আৰু ঐতিহাসিক আছাম ৰেজিমেণ্টেল চেণ্টাৰৰ আন্তঃগাঁথনিমূলক কামৰ বাবে ১০ কোটি টকাৰ অনুদানত কেবিনেটে অনুমোদন জনায় ।
ৰাজ্যিক
অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
Comments
Post a Comment