LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

স্থানীয় বাতৰি

বিশ্বনাথত ব্যতিক্ৰমী শিক্ষক দিৱস: শিক্ষাগুৰুক ফুলৰ সলনি উপহাৰ দিলে কেৰাহী-টৌ-বাল্টিৰ দৰে বাচন-বৰ্তন

বিশ্বনাথত ব্যতিক্ৰমী শিক্ষক দিৱস: শিক্ষাগুৰুক ফুলৰ সলনি উপহাৰ দিলে কেৰাহী-টৌ-বাল্টিৰ দৰে বাচন-বৰ্তন

 বিশ্বনাথ: দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ বিশ্বনাথতো পৱিত্ৰ শিক্ষক দিৱস উলহ-মালহেৰে পালন কৰা হয়। কিন্তু শিক্ষক দিৱস উদযাপনৰ মাজতে বিশ্বনাথৰ এখন বিশেষ বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল এক অনন্য আৰু ব্যতিক্ৰমী দৃশ্য। পৰম্পৰাগত ফুল বা স্মৃতিচিহ্নৰ পৰিৱৰ্তে শিক্ষাগুৰুৰ হাতত শিক্ষাৰ্থীসকলে তুলি দিলে কেৰাহী, টৌ, বাল্টি আৰু হাতাৰ দৰে নিতৌ ব্যৱহাৰ্য বাচন-বৰ্তন।

বিশ্বনাথৰ ৰতোৱাস্থিত ‘ষ্টিফেন হকিং একাডেমী’ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলক শ্ৰদ্ধা নিবেদনৰ বাবে গ্ৰহণ কৰা এনে ব্যতিক্ৰমী চিন্তাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিক্ষাৰ্থীসকলে জানিবলৈ দিয়া মতে, বিদ্যালয় চৌহদত আয়োজিত বিভিন্ন ৰাজহুৱা কাৰ্যসূচী, মধ্যাহ্ন ভোজন তথা সামাজিক উৎসৱ-পাৰ্বণত যাতে এই সামগ্ৰীসমূহ বিদ্যালয় তথা শিক্ষকসকলৰ কামত আহে, সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁলোকে এই ব্যৱহাৰিক উপহাৰৰ যোগাৰ কৰে। গুৰু-শিষ্যৰ মাজৰ আন্তৰিক সম্পৰ্কক এক ব্যৱহাৰিক মাত্ৰা প্ৰদান কৰা শিক্ষাৰ্থীসকলৰ এই অভিনৱ পদক্ষেপে বিদ্যালয়খনত আনন্দময় পৰিৱেশ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজতো ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

Comments