LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সুৰক্ষা

বিত্তীয় প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ মাৰাথন অভিযান: ৩২১ জনক গ্ৰেপ্তাৰ, সংখ্যা ৪০০ স্পৰ্শ কৰাৰ সম্ভাৱনা

বিত্তীয় প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ মাৰাথন অভিযান: ৩২১ জনক গ্ৰেপ্তাৰ, সংখ্যা ৪০০ স্পৰ্শ কৰাৰ সম্ভাৱনা

গুৱাহাটী: ৰাইজৰ কষ্টোপাৰ্জিত ধন লুটি সৰ্বস্বান্ত কৰা বিত্তীয় প্ৰৱঞ্চকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি আৰক্ষীয়ে চলাইছে ব্যাপক মাৰাথন অভিযান। "প্ৰৱঞ্চকক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব"— মুখ্যমন্ত্ৰীৰ এই কড়া সকীয়নিৰ পিছতেই অসম আৰক্ষীৰ বিশেষ দলসমূহ প্ৰতিখন জিলাতে সক্ৰিয় হৈ পৰিছে। ভুৱা বিনিয়োগ আৰু বিত্তীয় জালিয়াতিৰে সাধাৰণ জনতাক প্ৰলোভিত কৰা অপৰাধী চক্ৰৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে যুদ্ধংদেহী মনোভাব গ্ৰহণ কৰিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা এই নিৰন্তৰ অভিযানকালত আৰক্ষীয়ে এতিয়ালৈকে ৩২১ টাকৈ কুখ্যাত প্ৰৱঞ্চকক জালত পেলাবলৈ সক্ষম হৈছে। এই জালিয়াত চক্ৰসমূহৰ বিৰুদ্ধে চলোৱা ক্ষিপ্ৰ আৰু ধাৰাবাহিক অভিযানৰ পৰিপ্ৰেক্ষিতত ধৃত প্ৰৱঞ্চকৰ সংখ্যা অতি শীঘ্ৰেই ৪০০ স্পৰ্শ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে সংশ্লিষ্ট মহলে। সাধাৰণ ৰাইজক প্ৰতাৰণা কৰা এনে অপৰাধী চক্ৰবোৰৰ মূল শিপা উভালি পেলাবলৈ আৰক্ষী প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি ৰাখিছে।

Comments