LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সুৰক্ষা

গৌৰীপুৰত প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনকলৈ বিতৰ্ক: গৌৰীপুৰৰ বিদ্যালয়ত সভাপতি বাছনিক লৈ উত্তেজনা

গৌৰীপুৰত প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনকলৈ বিতৰ্ক: গৌৰীপুৰৰ বিদ্যালয়ত সভাপতি বাছনিক লৈ উত্তেজনা


গৌৰীপুৰ:গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ২৪৩৬ নং ঝালেৰ আলগা দ্বিতীয় খণ্ড ছোৱালী এল পি স্কুলৰ পৰিচালনা সমিতি (SMC) গঠনক কেন্দ্ৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতি তথা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নৱগঠিত পৰিচালনা সমিতিক লৈ সামাজিক মাধ্যমত ভুৱা অভিযোগ উত্থাপন কৰাৰ প্ৰতিবাদত স্থানীয় সচেতন ৰাইজ আৰু অভিভাৱকসকল ক্ষোভত ফাটি পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, নিয়মমাফিকভাৱে বিদ্যালয়খনৰ পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে যোৱা ২ তাৰিখে শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাতে সৰ্বসন্মতিক্ৰমে প্ৰথম পৰ্যায়ত সমিতিৰ সদস্যসকলক বাছনি কৰা হয়।

ইয়াৰ পৰৱৰ্তী সময়ত, যোৱা ৯ তাৰিখে নৱনিৰ্বাচিত সদস্য, অভিভাৱক আৰু ৰাইজৰ উপস্থিতিত সভাপতি বাছনিৰ বাবে আন এখন সভা আহ্বান কৰা হয়। উক্ত সভাত সংখ্যাগৰিষ্ঠ সদস্যৰ স্পষ্ট সমৰ্থন লাভ কৰি ছোবাহান আলী মণ্ডলক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তথ্য অনুসৰি, সমিতিৰ প্ৰায় ১০ গৰাকী সদস্যই ছোবাহান আলী মণ্ডলৰ পক্ষত মত প্ৰদান কৰে।

কিন্তু এই নিৰ্বাচনৰ পিছতেই বিদ্যালয়খনৰ প্ৰাক্তন সভাপতি আব্বাছ আলীয়ে পুনৰ পদ লাভ নকৰাত ক্ষুণ্ণ হৈ সামাজিক মাধ্যমত সমিতিখন গোপনে গঠন কৰা বুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, আব্বাছ আলীয়ে বিগত তিনিটা কাৰ্যকালত বিদ্যালয়খনৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল যদিও বিদ্যালয়ৰ কোনো চকুত পৰাকৈ উন্নয়নমূলক কাম কৰা নাছিল। বৰ্তমান তেওঁৰ পক্ষত মাত্ৰ ৩-৪ গৰাকী সদস্যৰহে সমৰ্থন থকা সত্ত্বেও তেওঁ ব্যক্তিগত স্বাৰ্থত ভিত্তিহীন অপপ্ৰচাৰ চলাই বিদ্যালয়খনৰ ভাবমূৰ্তি নষ্ট কৰিব বিচাৰিছে বুলি ৰাইজে দাবী কৰে।

সামাজিক মাধ্যমত এনে অসত্য প্ৰচাৰ চলোৱাৰ পিছতে নৱনিৰ্বাচিত সদস্য আৰু অভিভাৱকসকলে একত্ৰিত হৈ আব্বাছ আলীৰ অভিযোগক সম্পূৰ্ণ মিছা আৰু উদ্দেশ্যপ্ৰণোদিত আখ্যা দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। লগতে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নকৰিবলৈ সকলোকে আহ্বান জনায়। আনহাতে, সমগ্ৰ ঘটনাৰ সত্যতা উদঘাটনৰ বাবে শিক্ষা বিভাগে এক নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলে।

Comments