LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বঙাইগাঁও জিলাৰ দেওহাটীত মদৰ নিচাত পুত্ৰই হত্যা কৰিলে নিজ পিতৃক

বঙাইগাঁও জিলাৰ দেওহাটীত মদৰ নিচাত পুত্ৰই হত্যা কৰিলে নিজ পিতৃক
বঙাইগাঁও জিলাৰ দেওহাটীত মদৰ নিচাত পুত্ৰই হত্যা কৰিলে নিজ পিতৃক, হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ:তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া

 বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহুকুমাৰ দেওহাটী উত্তৰপাৰাত এই মাদক দ্ৰব্য সেৱন কৰি আহি পুত্ৰ জগত দাসে নিজ পিতৃক ভাত ৰান্ধি নিদিয়াৰ বাবে সুৰাৰ ৰাগীত মতলীয়া হৈ মৰিয়াই মৰিয়াই হত্যা কৰে।অবশ্যে কুলাংগাৰ পুত্ৰ জগতে নিতৌ চলোৱা উৎপীড়নত অতিষ্ঠ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। আৰু স্থানীয় ৰাইজে আৱকাৰী বিভাগৰ চূড়ান্ত দুৰ্নীতি তথা নিৰ্লিপততাৰ বিষয়ে গুৰুতৰ অভিযোগ কৰিছে।ইফালে হত্যাকাৰী পুত্ৰ জগত দাসক অভয়াপুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।উক্ত বিষয়টোৱে এতিয়া সমগ্ৰ জিলখনত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Comments