কলিয়াবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী মহোৎসৱ উলহ-মালহেৰে উদযাপন কৰা হয়। পৱিত্ৰ জন্মাষ্টমী উপলক্ষে অঞ্চলটোৰ সত্ৰ, নামঘৰ আৰু ৰাজহুৱা স্থানসমূহত পুৱাৰ পৰাই এক উখল-মাখল আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। ইয়াৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ উদ্যোগত কঁটীয়াগাঁও কীৰ্তন গৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মীয় পতাকা উত্তোলন, ভাগৱত পাঠ আৰু নাম-প্ৰসংগ সম্পন্ন হোৱাৰ পিছতেই এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে শিশুসকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে কণ-কণ শিক্ষাৰ্থীসকলৰ দ্বাৰা কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য, মাটি আখৰা আৰু গাণিকা প্ৰদৰ্শন কৰা হয়। শিশুসকলৰ এই সুন্দৰ প্ৰদৰ্শনে উপস্থিত ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰি তোলে।
Comments
Post a Comment