LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

ৰাজ্যিক

গুৱাহাটীৰ কটাহবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী

গুৱাহাটীৰ কটাহবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী

 


গুৱাহাটী: মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। কটাহবাৰী সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী মালবাহী ট্ৰাক আৰু স্কুটীৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় এজন স্কুটী আৰোহী যুৱকে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কটাহবাৰীৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কাট-আউটত স্কুটী আৰোহীজনে ইউ-টাৰ্ন ল’বলৈ চেষ্টা কৰাৰ সময়তেই বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা মালবাহী ট্ৰাকখনে স্কুটীখনক মহতিয়াই লৈ যায়। খুন্দাৰ মাত্ৰা ইমানেই প্ৰচণ্ড আছিল যে স্কুটীসহ যুৱকজন ট্ৰাকখনৰ তলত সোমাই পৰে আৰু ঘটনাস্থলীতে তেওঁ কৰুণ মৃত্যুক সাৱটি লয়।

দুৰ্ঘটনাটোৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথটোত কিছু সময়ৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Comments