গুৱাহাটী: অসমৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু সংস্কৃতিৰ বাবে আন এক ঐতিহাসিক ক্ষণ। চৰাইদেউ মৈদামৰ পিছত এইবাৰ ইউনেস্ক’ৰ (UNESCO) সন্মানীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়িছে আহোম সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ ঐতিহাসিক ৰংপুৰ-শিৱসাগৰ। আহোম যুগৰ অনুপম স্থাপত্য, ভাস্কৰ্য আৰু ঐতিহ্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ইউনেস্ক’ৰ ওচৰত আনুষ্ঠানিকভাৱে ৰংপুৰ-শিৱসাগৰৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। আহোম কীৰ্তিচিহ্নক বিশ্বমঞ্চত তুলি ধৰাৰ এই বিশেষ পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰি ইতিহাস ৰচনা কৰাৰ পাছত আহোম যুগৰ প্ৰাচীন ৰাজধানী ৰংপুৰ-শিৱসাগৰে এই দিশত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিলে। কাৰেং ঘৰ, তলাতল ঘৰ, ৰংঘৰৰ দৰে অদ্বিতীয় স্থাপত্য তথা ঐতিহাসিক শিৱদৌল আৰু বিশাল পুখুৰীসমূহক সাঙুৰি গঠিত এই ঐতিহাসিক ভূখণ্ডই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে আহোম স্বৰ্গদেউসকলৰ অপূৰ্ব অভিযান্ত্ৰিক নিদৰ্শন আৰু ছশ বছৰীয়া শাসনৰ অনন্য ইতিহাস বিশ্ব ঐতিহ্যৰ দিশে অগ্ৰসৰ হোৱাটো সমগ্ৰ জাতিটোৰ বাবেই পৰম গৌৰৱৰ বিষয়। কেন্দ্ৰীয় চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটন উদ্যোগত এক যুগান্তকাৰী মাত্ৰা প্ৰদান কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
Comments
Post a Comment