কপৌ ফুলৰ ৰঙেৰে সজাই তোলা হ’ব মহানগৰী: গুৱাহাটীবাসীক পাতল বেঙুনীয়া ৰং ব্যৱহাৰৰ আহ্বান জি এম চিৰ

 


গুৱাহাটী: অসমৰ ৰাজ্যিক ফুল ‘কপৌ ফুল’ৰ নান্দনিক সৌন্দৰ্যৰে গুৱাহাটী মহানগৰীক এক সুকীয়া পৰিচয় দিয়াৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে (GMC)। মহানগৰীৰ সৌন্দৰ্যবৰ্ধন অভিযানৰ অংশ হিচাপে পৌৰ নিগমে সকলো বাসিন্দা, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, আৱাসিক কল্যাণ সংস্থা (RWA), বেচৰকাৰী সংস্থা (NGO), ক্লাব আৰু অন্যান্য সংস্থাসমূহক নিজৰ গৃহ তথা চৌহদত পাতল বেঙুনীয়া (light purple) ৰং ব্যৱহাৰ কৰিবলৈ আনুষ্ঠানিকভাৱে আহ্বান জনাইছে।

পৌৰ নিগমৰ মতে, অসমৰ কৃষ্টি-সংস্কৃতিৰ অনন্য প্ৰতীক কপৌ ফুলৰ ৰঙৰ জৰিয়তে মহানগৰখনৰ পৰিৱেশত এক সুসংহত আৰু মনোৰম দৃশ্যৰাজি গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে গুৱাহাটীৰ নান্দনিক ৰূপ বৃদ্ধিত সহায় কৰাৰ লগতে মহানগৰখনৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিফলিত কৰিব বুলি আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। এই যৌথ প্ৰচেষ্টাত সঁহাৰি জনাই মহানগৰখনক এক দৃষ্টিনন্দন আৰু আকৰ্ষণীয় ৰূপ দিয়াত সহযোগিতা আগবঢ়াবলৈ জি এম চিয়ে সকলো নাগৰিক তথা ব্যৱসায়িক প্ৰতিষ্ঠানক অনুৰোধ জনাইছে।

Post a Comment

Previous Post Next Post