LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

ৰাজ্যিক

মাজুলীৰ প্ৰস্তাৱিত বিমানবন্দৰৰ প্ৰাৰম্ভিক জৰীপ আৰম্ভ কৰিলে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে

মাজুলীৰ প্ৰস্তাৱিত বিমানবন্দৰৰ প্ৰাৰম্ভিক জৰীপ আৰম্ভ কৰিলে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে

 

মাজুলী: বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীক দেশৰ বিমান মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাজুলীত প্ৰস্তাৱিত বিমানবন্দৰ নিৰ্মাণৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (Airports Authority of India - AAI) প্ৰাৰম্ভিক জৰীপৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। এই জৰীপৰ জৰিয়তে বিমান বন্দৰ স্থাপনৰ সম্ভাৱনীয়তা, উপযুক্ত ভূমি নিৰ্ধাৰণ আৰু কাৰিকৰী দিশসমূহ পৰীক্ষা কৰা হ’ব।

ৰাজ্যজুৰি আকাশী সংযোগ ব্যৱস্থা অধিক সুদৃঢ় আৰু দ্ৰুত কৰি তোলাৰ লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা চাৰিটা নতুন বিমানবন্দৰ প্ৰকল্পৰ ভিতৰত মাজুলীৰ এই প্ৰস্তাৱিত বিমানবন্দৰ অন্যতম।

মাজুলীত বিমানবন্দৰ স্থাপন হ’লে নদীদ্বীপটোৰ যোগাযোগ ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন আহিব। ইয়াৰ দ্বাৰা কেৱল স্থানীয় ৰাইজে জৰুৰীকালীন আৰু উন্নত যাতায়াতৰ সুবিধা লাভ কৰাই নহয়, বিশ্ববিখ্যাত সত্ৰীয়া সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাজুলীৰ পৰ্যটন উদ্যোগ তথা স্থানীয় অৰ্থনীতিয়েও অভূতপূৰ্ব গতি লাভ কৰিব।

Comments