ৰহাত ১৫দিনীয়া বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

 


ডিজিটেল ডেস্ক, ৰহা, ১৬ জুলাই: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ নিৰ্দেশনাত সমগ্ৰ ৰাজ্যৰ লগতে ৰহাতো বৃহস্পতিবাৰৰ পৰা ১৫দিনীয়া বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ৰহা সমজিলা তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু শিশু অনুষ্ঠান ‘অকণিৰ কবিতা ঘৰ’ অসম কেন্দ্ৰীয় সমিতিৰ পৰিচালনাত এই কৰ্মশালাখনি ৰহা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হৈছে।

কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সপোন জ্যোতি ডেকা আৰু ভাৰ্গবী মেধি। তেওঁলোকে কৰ্মশালাত অংশগ্ৰহণ কৰা কণ-কণ শিশু আৰু যুৱক-যুৱতীসকলক সত্ৰীয়া নৃত্যৰ ‘মাটি আখৰা’ আৰু অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

‘অকণিৰ কবিতা ঘৰ’ৰ অসম কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ৰণ্টু মুদৈয়ে আঁত ধৰা এই শুভাৰম্ভণি অনুষ্ঠানত ৰহা সমজিলাৰ সহ জিলা আয়ুক্ত প্ৰিয়ম ফুকনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কৰ্মশালাখনিৰ আনুষ্ঠানিক উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলোৱে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

উদ্বোধনী অনুষ্ঠানত ‘অকণিৰ কবিতা ঘৰ’ৰ কণ-কণ অকণিসকলে অনুষ্ঠানৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়াৰ দ্বাৰা ৰচিত কবিতা ঘৰৰ স্থায়ী গীত— “উদুলি মুদুলি অকণিৰ কবিতা ঘৰ” আৰু সুধাকণ্ঠৰ কালজয়ী গীত “বুকু হম হম কৰে” পৰিৱেশন কৰে। ইয়াৰোপৰি, লক্ষণা শইকীয়াই এটা আকৰ্ষণীয় সত্ৰীয়া নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে।

পবিত্ৰ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা, ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ, প্ৰাক্তন অধ্যক্ষা দীপ্তী দেৱী শৰ্মা আৰু ৰহা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জুৰি বৰুৱা।

ইয়াৰ উপৰিও কবিতা ঘৰৰ উপদেষ্টা মহেশ্বৰ দাস, বিশিষ্ট শিল্পী বিমল ডেকা, ৰহা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) উপদেষ্টা হৰি প্ৰসাদ ৰাজখোৱা, সমাজকৰ্মী তথা কবিতা ঘৰৰ ‘যুৱ জ্যোতি’ উপাধি প্ৰাপক মৃদুল হাজৰিকা প্ৰমুখ্যে অনুষ্ঠানটোৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় গণ্য-মান্য ব্যক্তি আৰু অগণন প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এই কৰ্মশালাই অঞ্চলটোৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশত বিশেষ সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে।

Post a Comment

Previous Post Next Post