LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বিজেপি-RSS-ক ‘বিষাক্ত সাপ’ৰ সৈতে তুলনা: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ ৰুজু

বিজেপি-RSS-ক ‘বিষাক্ত সাপ’ৰ সৈতে তুলনা: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ ৰুজু

গুৱাহাটী; ৮ এপ্ৰিল: নিৰ্বাচনী গৰমৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এক বিতৰ্কিত মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ক ‘বিষাক্ত সাপ’ৰ সৈতে তুলনা কৰাৰ অভিযোগত আজি কংগ্ৰেছ সভাপতিগৰাকীৰ বিৰুদ্ধে গুৱাহাটীৰ বশিষ্ঠ থানাত এখন এজাহাৰ ৰুজু কৰা হয়।

জানিব পৰা মতে, বৰাক উপত্যকাৰ নীলমবজাৰত আয়োজিত এক নিৰ্বাচনী সভাত ভাষণ দি থাকোঁতে মল্লিকাৰ্জুন খাৰ্গেয়ে বিজেপি আৰু RSS-ক তীব্ৰ সমালোচনা কৰে। তেওঁ এই দুই সংগঠনক ‘বিষাক্ত’ বুলি আখ্যা দি সাপৰ সৈতে তুলনা কৰিছিল। খাৰ্গেৰ এই মন্তব্যৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে গেৰুৱা শিবিৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
বশিষ্ঠ থানাত বিজেপিৰ গোচৰ
আইনী মেৰপেচত খাৰ্গে

বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই আজি বশিষ্ঠ থানাত উপস্থিত হৈ খাৰ্গেৰ বিৰুদ্ধে গোচৰ তৰাৰ লগতে কঠোৰ পদক্ষেপৰ দাবী জনায়। এজাহাৰখনত অভিযোগ কৰা হৈছে যে খাৰ্গেৰ এনে মন্তব্যই সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ লগতে শান্তি-শৃংখলা বিঘ্নিত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ কৰিছে।

বিজেপিৰ অভিযোগ অনুসৰি, এজন জ্যেষ্ঠ নেতা তথা দেশৰ সৰ্বপুৰণি ৰাজনৈতিক দলটোৰ সভাপতি হিচাপে খাৰ্গেৰ এনে অশালীন মন্তব্যই গণতন্ত্ৰৰ মৰ্যাদা হানি কৰিছে। নীলমবজাৰৰ সেই নিৰ্বাচনী সভাখনৰ পাছৰে পৰা খাৰ্গে এতিয়া আইনী মেৰপেচত সোমাই পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

বৰ্তমান বশিষ্ঠ আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে। নিৰ্বাচনৰ মুখত কংগ্ৰেছ সভাপতিগৰাকীৰ বিৰুদ্ধে হোৱা এই এজাহাৰৰ ঘটনাই অসমৰ নিৰ্বাচনী প্ৰচাৰত এক নতুন মোৰ আনিছে। কংগ্ৰেছৰ ফালৰ পৰা বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

Comments