LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

জামুগুৰিহাটৰ তৌভঙাত আলি আয়ে লৃগাং উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাটৰ তৌভঙাত আলি আয়ে লৃগাং উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাটৰ তৌভঙা যুৱক সং আৰু মহিলা সমিতিৰ সৌজন্যত অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্য্যসুচীৰে মিছিং জনগোষ্ঠীৰ লোকসকলৰ  কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই জীয়াভৰলী নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে।   উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই 'দঞিপল' (সূৰ্য-চন্দ্ৰ) ৰ নাম লৈ স্তুতি গীত আওৰায়। এই উপলক্ষে প্ৰঠমদিনা বুধবাৰে পুৱা তৌভঙা গাও উন্নয়ন সমিতিৰ সভাপতি জয়ন্ত পাৰ্দুমে পতাকা উত্তোলনেৰে কাৰ্য্যসুচী সমুহৰ শুভাৰম্ভ কৰাৰ পিচতে অনুষ্ঠিত হব লৃগৌদ অনুষ্ঠান৷১০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব গাও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি চিবেন মিলি আৰু পদুম লিংকুৱে৷ ১১ বজাত গোমৰাগ ছ:মান উদ্বোধন কৰিব  উদযাপন সমিতিৰ সভাপতি ৰাজু চিন্তেই৷১২ বজাত অনুষ্ঠিত হব সম্বৰ্দ্ধনা অনুষ্ঠান ৷ সন্ধিয়া ৬ বজাৰ বটাবিতৰনী অনুষ্ঠানৰ  পিচতে ৭ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি উদ্যোক্তা সকলে জনাইছে৷  ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধ্যা শুভ উদ্বোধন কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ দুই দিনৰ সমুহ কাৰ্য্যসুচীত সকলোশ্ৰেনীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক কমিটিয়ে৷

Comments