জামুগুৰিহাটত দেৱাল লিখন কাৰ্যসুচীৰে নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ বিধায়ক পদ্মৰ


অভিলেখ আসনৰে দিশপুৰলৈ যাত্ৰা কৰাৰ হুংকাৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলে আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসুচী ৷ আজি পূৱা জামুগুৰিহাটত দেৱালত বিজেপিৰ প্ৰতীক অংকন কৰি এই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ দেৱালত পদুম ফুল অংকন কৰি বিধায়ক গৰাকীয়ে সাংৱাদিকৰ আগত কয়- আগন্তুক নিৰ্বাচনত এবাৰ কংগ্ৰেছ বিসৰ্জন হব ৷ বিজেপিৰ উন্নয়নত কংগ্ৰেছে ত্ৰাহিমধুসূদন দেখিছে ৷ সৰ্বসাধাৰণ ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত নাই ৷ কংগ্ৰেছৰ  বাকীফাকী ৰাজনীতিৰ বেলি মাৰ গ'ল ৷ এইবাৰ আমি অভিলেখ সংখ্যক আসন লৈ দিশপুৰলৈ যাত্ৰা কৰিম ৷বিধায়ক গৰাকীয়ে আজিৰ কাৰ্যসুচীৰ জৰিয়তেই নিৰ্বাচনী ৰণদংকা বজোৱা বুলিও মন্তব্য কৰে ৷

Post a Comment

Previous Post Next Post