LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

জামুগুৰিহাটত দেৱাল লিখন কাৰ্যসুচীৰে নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ বিধায়ক পদ্মৰ

 জামুগুৰিহাটত দেৱাল লিখন কাৰ্যসুচীৰে নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ বিধায়ক পদ্মৰ


অভিলেখ আসনৰে দিশপুৰলৈ যাত্ৰা কৰাৰ হুংকাৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলে আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসুচী ৷ আজি পূৱা জামুগুৰিহাটত দেৱালত বিজেপিৰ প্ৰতীক অংকন কৰি এই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ দেৱালত পদুম ফুল অংকন কৰি বিধায়ক গৰাকীয়ে সাংৱাদিকৰ আগত কয়- আগন্তুক নিৰ্বাচনত এবাৰ কংগ্ৰেছ বিসৰ্জন হব ৷ বিজেপিৰ উন্নয়নত কংগ্ৰেছে ত্ৰাহিমধুসূদন দেখিছে ৷ সৰ্বসাধাৰণ ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত নাই ৷ কংগ্ৰেছৰ  বাকীফাকী ৰাজনীতিৰ বেলি মাৰ গ'ল ৷ এইবাৰ আমি অভিলেখ সংখ্যক আসন লৈ দিশপুৰলৈ যাত্ৰা কৰিম ৷বিধায়ক গৰাকীয়ে আজিৰ কাৰ্যসুচীৰ জৰিয়তেই নিৰ্বাচনী ৰণদংকা বজোৱা বুলিও মন্তব্য কৰে ৷

Comments