LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

শোণিতপুৰৰ বালিপৰা মাজুলী গাৱত ভোগালীৰ এসাজ অনুষ্ঠানৰ আয়োজন

 শোণিতপুৰৰ বালিপৰা  মাজুলী গাৱত ভোগালীৰ এসাজ  অনুষ্ঠানৰ আয়োজন

ইংৰাজী নৱবৰ্ষৰ কেলেণ্ডাৰ  উন্মোচন

শোণিতপুৰৰ বালিপৰাত  বিগত বৰ্ষৰ দৰে এই বাৰো বালিপৰা উন্নয়ন কমিটিৰ উদ্যোগত আৰু মাজুলী গাও উন্নয়ন সমিতিৰ সহযোগত  মাজুলীগাঁৱৰ পথাৰত  পৰম্পৰাগত  ভাবে ভেলাঘৰ  সাজি ইয়াৰ সমীপতে  ভোগালীৰ এসাজ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। বালিপৰা উন্নয়ন কমিটিৰ  সম্পাদক হেমেন দাসে আত ধৰা অনুষ্ঠানত ইংৰাজী নৱবৰ্ষৰ এখন কেলেণ্ডাৰো শুভ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে বালিপৰা উন্নয়ন কমিটিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বৃহত্তৰ বালিপৰা অঞ্চলৰ ১৫ খনকৈ গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক সকলে ভোগালীৰ এসাজ   অৰ্থাৎ  প্ৰীতি ভোজত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটিতেই  অসম প্ৰকাশন পৰিষদে আগবঢ়োৱা যুৱলেখক বঁটাপ্ৰাপক বালিপৰাৰ ভকত গাৱৰ প্ৰাঞ্জল প্ৰতীম বৰাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।



Comments