শোণিতপুৰৰ বালিপৰা মাজুলী গাৱত ভোগালীৰ এসাজ অনুষ্ঠানৰ আয়োজন

ইংৰাজী নৱবৰ্ষৰ কেলেণ্ডাৰ  উন্মোচন

শোণিতপুৰৰ বালিপৰাত  বিগত বৰ্ষৰ দৰে এই বাৰো বালিপৰা উন্নয়ন কমিটিৰ উদ্যোগত আৰু মাজুলী গাও উন্নয়ন সমিতিৰ সহযোগত  মাজুলীগাঁৱৰ পথাৰত  পৰম্পৰাগত  ভাবে ভেলাঘৰ  সাজি ইয়াৰ সমীপতে  ভোগালীৰ এসাজ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। বালিপৰা উন্নয়ন কমিটিৰ  সম্পাদক হেমেন দাসে আত ধৰা অনুষ্ঠানত ইংৰাজী নৱবৰ্ষৰ এখন কেলেণ্ডাৰো শুভ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে বালিপৰা উন্নয়ন কমিটিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বৃহত্তৰ বালিপৰা অঞ্চলৰ ১৫ খনকৈ গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক সকলে ভোগালীৰ এসাজ   অৰ্থাৎ  প্ৰীতি ভোজত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটিতেই  অসম প্ৰকাশন পৰিষদে আগবঢ়োৱা যুৱলেখক বঁটাপ্ৰাপক বালিপৰাৰ ভকত গাৱৰ প্ৰাঞ্জল প্ৰতীম বৰাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।



Post a Comment

Previous Post Next Post