LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

ঐতিহাসিক ৰামপুৰ আঞ্চলিক ৰঙালী বিহু উৎসৱৰ শতবর্ষ উদযাপন: ৫ দিনীয়া ব্যাপক সাংস্কৃতিক কর্মসূচী ঘোষণা

ঐতিহাসিক ৰামপুৰ আঞ্চলিক ৰঙালী বিহু উৎসৱৰ শতবর্ষ উদযাপন: ৫ দিনীয়া ব্যাপক সাংস্কৃতিক কর্মসূচী ঘোষণা

গুৱাহাটী, অসম: ১৯২৬ চনত আনুষ্ঠানিকভাবে আৰম্ভ হোৱা ৰামপুৰ আঞ্চলিক ৰঙালী বিহু উৎসৱ এইবেলি ২০২৬ চনত শতবর্ষ পূর্তি উপলক্ষে এক ঐতিহাসিক, বর্ণাঢ্য আৰু ব্যাপক কর্মসূচীৰে উদযাপন কৰিবলৈ সম্পূর্ণ প্রস্তুতি সমাপন কৰিছে শতবর্ষ উদযাপন সমিতিয়ে। এই মহান বিহু সম্মিলন ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্রিল ২০২৬ তাৰিখলৈ ৰামপুৰ বিহু তলীত কেন্দ্রীয়ভাবে অনুষ্ঠিত হব।

সমিতিয়ে বিহুৰ ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক বৈচিত্র্য সংৰক্ষণ আৰু নতুন প্রজন্মক উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে একাধিক বিশেষ কর্মসূচী গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে— চৈতালী নাম, ওজাপালি, ঢুলীয়া চাৰ্কাছ আদি লোক কলাৰ ওপৰত কর্মশালা, প্রতিযোগিতা, প্রদর্শনী আৰু তথ্যচিত্র নির্মাণৰ আয়োজন। লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক, ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ সামাজিক ইতিহাস আৰু ভূমিকা সামৰি এটি বিশেষ গবেষণা প্রকল্পও প্রস্তুত কৰা হৈছে।

শতবর্ষ উপলক্ষে ৰামপুৰৰ বিশ্ববিখ্যাত এৰি সূতা আৰু বয়ন শিল্পৰ চানেকি লৈ এক বিশেষ শুভংকৰ (মাস্কট) অচিৰেই মুকলি কৰা হব। আনহাতে, গৰু বিহু ১৪ এপ্রিল ২০২৬ তাৰিখে বিহু তলীত কেন্দ্রীয়ভাবে পালন কৰা হব, যত অনুষ্ঠিত হব— গো সেৱা, গো-ধোৱা, গো পালক সকলৰ মিলন, গো পালন প্রদর্শনী আৰু শ্রেষ্ঠ গোপালক সকলক পুৰস্কাৰ প্ৰদান। এই দিনটোত গো বিষয়ক বিশেষ প্রদর্শনীও অনুষ্ঠিত কৰা হব।

ক্রীড়া আৰু প্রতিযোগিতাৰ দিশতো সমিতিয়ে ঘোষণা কৰিছে— সদৌ অসম ভিত্তিত পুৰুষ-মহিলা মাৰাথান দৌৰ, মুকলি বিহু প্রতিযোগিতা, আৰু পৰম্পৰাগত খেল যেনে— হুদুগুডু, সামুহিক ৰছী টনা আদি।

উৎসৱৰ অন্যতম আকৰ্ষণ হব— বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১০০খন বিহু ধজা উত্তোলন, আৰু সদৌ অসম ভিত্তিক মুকলি বিহু প্রতিযোগিতা।

শতবর্ষ উদযাপন সমিতিৰ নেতৃত্বত আছে সভাপতি শ্রী প্রভাকৰ দাস আৰু সম্পাদক শ্রীমানবেন্দ্র কলিতা।

সমিতিয়ে জনাইছে যে, এই শতবর্ষ উদযাপন অসমৰ লোক সংস্কৃতিৰ ইতিহাসত এক স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হব।

Comments