LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

জামুগুৰিহাটত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

 জামুগুৰিহাটত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলিছে অধিৱেশনৰ কামকাজ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ ৰাজহুৱা শ্ৰমদান

সজাই পৰাই তোলা হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ

জামুগুৰিহাটৰ ধলাইবিল আৰু চৈবাৰীৰ মাজৰ  জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব লগা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাথো এটা মাহ৷ ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্ম্মীয় অনুষ্ঠান হিচাবে পৰিচিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ এই ৰাজ্যিক অধিবেশন খনি অহা ৬.৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব জামুগুৰিহাটত ৷ ইয়াকে লৈ এতিয়া সীমাহীন উচ্ছাস সমগ্ৰ জামুগুৰিহাট বাসীৰ ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ন কৰাত ব্যস্ত জামুগুৰিবাসী৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ এই বাৰ্ষিক অধিবেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবৰ বাবেই জামুগুৰিহাটৰে বাকোলা গাঁও আৰু ধলাইবিলৰ চামধৰাপানী গাঁৱৰ  শতাধিক ইচলামধৰ্ম্মালম্বী লোকেও হাতেকামে লাগি ৰাজহুৱা শ্ৰমদানত ব্যস্ত হৈ পৰাও দেখা গৈছে ৷ ইফালে  অধিৱেশনৰ সমুহ কামকাজ নিজে তদাৰক কৰাত ব্যস্ত হৈ পৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকা ৷ বিধায়ক গৰাকীয়ে ৩৯ খন উপ সমিতিৰে ঘনে ঘনে বৈঠক অনুষ্ঠিত কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ আতিথ্য আৰু আপ্যায়নত ক্ৰুটী নৰখাকৈ সেৱা আজবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷ আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন আৰু সম্পাদক বিপুল বৰাইও অধিৱেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত তোলাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে ৷

Comments