LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

সংগ্ৰামী বৃহত্তৰ  অসমীয়া মঞ্চৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন


শোণিতপুৰৰ বালিপৰাৰ চলা গাৱত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ উত্তৰ  অসম কেন্দ্ৰীয়  সমিতিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ।এই উপলক্ষে চলাগাঁও ৰঙ্গমঞ্চত অনুষ্ঠিত এখন বৃহৎ সভাৰ সভাপতিৰ আসন অলংকৃত কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি অঞ্জন বৰাই৷ 

 দিব্যাংগ সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয়  সমিতিৰ  সাংগঠনিক সম্পাদক  উৎপল ভুঞাই অনুষ্ঠানৰ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰাৰ লগতে  কোচ ৰাজবংশী  ছাত্ৰ সন্থাৰ  কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিক্ৰম  হাজৰিকাই বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ  কৰি বৃহত্তৰ  অসমীয়া  জাতি আৰু  অসম মাতৃৰ প্ৰতি  সেৱাৰ মানসেৰে কাম কৰি যাবলৈ সকলোকে আহ্বান  জনায়। অঞ্চলটোৰ ৰাইজ ও  বিশিষ্ট ব্যাক্তি সকলৰ উপস্থিতিত  আয়োজিত অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ড°ভূপেন হাজৰিকা,হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু শিল্পী ৰাজিব শদিয়াৰ প্ৰতি শ্ৰন্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সকলোৱে মায়াবিনী গীত পৰিবেশন কৰে। 

Comments