শোণিতপুৰৰ চাৰিদুৱাৰ এগৰাকী খেলুৱৈৰ সফলতা, ৰূপৰ পদক অৰ্জনেৰে কঢ়িয়াই আনিলে গৌৰৱ, বালিপৰা ওৱাৰিঅৰ্চৰ বিপুল সম্বৰ্দ্ধনা

 


শোণিতপুৰৰ চাৰিদুৱাৰ ফৰেষ্ট গেট নিবাসী ছংগিনা বড়োয়ে ১৩ আৰু ১৪ ডিচেম্বৰত অনুষ্ঠিত হোৱা ১ম অল অসম স্প’ৰ্টছ মডেল ফিজিক চেম্পিয়নশ্বিপ ২০২৫, ধুবুৰী–বিলাসীপাৰাত আয়োজিত মিছ অসম মডেল ফিজিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  দ্বিতীয় স্থান  লাভৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখ  যে কৃতি খেলুৱৈ গৰাকীয়ে এই সন্মান  অৰ্জন কৰি জিলাৰ লগতে সমগ্ৰ বালিপৰা, চাৰিদুৱাৰ অঞ্চলত গৌৰৱ কঢ়িয়াই  আনিবলৈ সক্ষম হৈছ৷ তেখেতক বালিপৰাৰ ওৱাৰিৱৰ্চ ফিটনেচ চেন্টাৰৰ লগতে বিভিন্ন জনে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াৰ উপৰিও অলপতে  জামুগুৰিত অনুষ্ঠিত হৈ যোৱা ৪২তম অল শোনিতপুৰ বডিবিল্ডিং চেম্পিয়নশ্বিপত মিছ   শোনিতপুৰ মডেল ফিজিক ২০২৫ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈ গৰাকী ।এই সফলতাৰ বাবে খেলুৱৈ  গৰাকীয়ে Warriors Fitness Centre, বালিপৰাৰ এজন সদস্য হিচাপে  গৌৰৱ অনুভৱ কৰি  ভৱিষ্যতলৈ অধিক সফলতা বাবে ৰাইজৰ আশীৰ্বাদ  কামনা কৰিছে। 

Post a Comment

Previous Post Next Post