LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

চতিয়াত প্ৰশাসনে ছীল কৰিলে সুলভ মূল্যৰ দোকান,অবৈধ ভাৱে মজুত কৰি ৰাখিছিল চাউল, দালি,নিমখ

 চতিয়াত প্ৰশাসনে ছীল কৰিলে সুলভ মূল্যৰ দোকান,অবৈধ ভাৱে মজুত কৰি ৰাখিছিল চাউল, দালি,নিমখ


চতিয়াত প্ৰশাসনে ছীল কৰিছে চৰকাৰী সুলভ মূল্যৰ দোকান। যোগান বিভাগে চতিয়াৰ পুৰণা চেন্টাৰৰ অশোক চাহু নামৰ সুলভ মূল্যৰ দোকানৰ এজেণ্ট গৰাকীয়ে দোকানত অবৈধ ভাৱে মজুত কৰা চৰকাৰী চাউল 20 কুইন্টল 36 কেজি 430 গ্ৰাম চৰকাৰী চাউল,   5 কেজি চেনী, 13 কেজি দালি ,আৰু  13 কেজি নিমখ জব্দ কৰে৷ লগতে চৰকাৰী সুলভমূল্যৰ সামগ্ৰী অবৈধ ভাবে মজুত কৰি ৰখাৰ অপৰাধত সুলভ মূল্যৰ দোকানখন ছীল কৰি দিয়ে। নিশা  যোগান বিভাগৰ এটা দলে অভিযান চলাইছিল সুলভ মূল্যৰ দোকানখনত। ইতিমধ্যে যোগান বিভাগৰ ফালৰ পৰা সুলভ মূল্যৰ দোকানী গৰাকীৰ বিৰুদ্ধ এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে।

Comments