শোণিতপুৰৰ বালিপৰাৰ পানিপোটা ঢেকেৰিগাঁৱত এটি বনৰীয়া হাতী পোৱালিৰ মৃত্যু


শোণিতপুৰ জিলাৰ বালিপৰাৰ পানীপোটাৰ ঢেকেৰিগাঁৱত এটি বনৰীয়া হাতী পোৱালিৰ আকস্মিক মৃত্যু ঘটিছে। বিগত কেইবদিনধৰি বালিপৰা আৰু ৰঙাপৰা অঞ্চলত নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে জনবসতিত উপদ্ৰৱ সৃষ্টি কৰি আহিছে। স্থানীয় লোকসকলৰ আতংক বৃদ্ধি পোৱাৰ লগতে বিভিন্ন স্থানে ক্ষতি-ক্ষতিৰ ঘটনাও সমুখীন হ’বলগীয়া হৈছে।

যোৱা নিশাটোতো হাতীৰ জাকটোৱে বালিপৰাৰ কেইবাটাও অঞ্চলত উপদ্ৰৱ চালাইছিল। এই সময়তে প্ৰায় ডেৰ–দুই মাহ বয়সীয়া হাতী পোৱালিটো জাকটোৰ মাজতে আকস্মিকভাৱে মৃত্যুবৰণ কৰে। ঘটনাস্থলীৰ বনকৰ্মীসকল জনোৱা মতে, “হয়তো জাকটোৰ গচকতেই পোৱালি হাতীটোৰ মৃত্যু ঘটিছে।” যদিও মৃত্যুৰ প্রকৃত কাৰণ নিশ্চিত কৰিবলৈ বন বিভাগে তদন্ত আৰম্ভ কৰিছে।

ইফালে মাক হাতীটোৱে জাকৰ পৰা বিছিন্ন হোৱা পোৱালি হাতীটোৰ ওচৰতে থাকি আক্রমণাত্মক আচৰণ দেখুৱাইছিল। বন বিভাগৰ কৰ্মীসকলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মাক হাতীটোক সুৰক্ষিতভাৱে বনাঞ্চললৈ উভতাই পঠিয়াবলৈ চেষ্টা চলাইছে। স্থানীয় লোকসকলকো সতর্ক হ'বলৈ আৰু বনৰীয়া জন্তুৰ ওচৰলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে।

এই ঘটনাই পুনৰ এবাৰ দেখুৱাই দিলে যে খাদ্য সংকট, বাসস্থান সঙ্কোচন তথা মানব–হস্তক্ষেপ বৃদ্ধি পোৱাৰ ফলত বনাঞ্চলৰ বনৰীয়া হাতীসকল অধিক সংখ্যাত জনবসতিত প্ৰৱেশ কৰিছে। বন বিভাগে অঞ্চলটোত নিৰীক্ষণ বৃদ্ধি কৰিছে আৰু ভবিষ্যতে যেন এনে কৰুণ ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।

Post a Comment

Previous Post Next Post