LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

শোনিতপুৰৰ ৰঙাপৰাত নিশা সংঘটিত হল ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষতিসাধন

শোনিতপুৰৰ ৰঙাপৰাত নিশা সংঘটিত হল ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষতিসাধন

শোনিতপুৰৰ ৰঙাপৰাৰ ১ নং নামনি গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত এটি বাসগৃহ সম্পূৰ্ণ ৰূপেই ভষ্মিভুত হয়৷ নামনি গাঁৱৰ বাসিন্দা ধৰ্মেন্দ্ৰ জয়চৱাল নামৰ লোকজনৰ বাসগৃহত নিশা সংঘটিত হয় অগ্নিকাণ্ডটো ৷ লোকজনৰ বাসগৃহত থকা কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ নিশা হঠাৎ বাসগৃহটি জুই লগাত এক আতংকময় পৰিস্থিৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নোমোৱাবলৈ সক্ষম হয় যদিও সম্পত্তি ৰক্ষা নহল ৷ বৈদ্যুতিক চৰ্ট চাৰ্কিতৰ ফলতে এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে নিশা ৰঙাপৰা অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীলৈ গৈছিল যদিও গাড়ী সোমোৱাব নোৱাৰি আধা ৰাস্তাতে থাকি যাবলগীয়া হয় ৷ কাৰণ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ য়াবলৈ ৰাস্তাৰ কোনো ব্যৱস্থা নাই ৷ 

Comments