LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সদৌ অসম প্ৰাদেশিকৃত শিক্ষক (টিউটৰ)সংস্থাৰ সংৱাদমেল

সদৌ অসম প্ৰাদেশিকৃত শিক্ষক (টিউটৰ)সংস্থাৰ সংৱাদমেল

সমস্যা সমাধান নহলে শিক্ষামন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আত্মজাহৰ সিদ্ধান্ত টিউটৰ শিক্ষকৰ 
২৯ নবেম্বৰত শিক্ষামন্ত্ৰীৰ বাস গৃহ ঘেৰাও কৰিব ৰাজ্যৰ ১৬ হেজাৰ টিউটৰ শিক্ষকে 

সদৌ অসম প্ৰাদেশিকৃত শিক্ষক (টিউটৰ)সংস্থাই তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাৱীত আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰিছে ৷ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত যোৱা নিশা আয়োজিত এক সংৱাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ) সন্থাৰ বিষয়ববীয়া সকলে ৷ সেই অনুসৰি ২৯ নবেম্বৰত অসমৰ ১৬হেজাৰ টিউটৰ শিক্ষকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বাসগৃহ ঘেৰাও কৰিব ৷ ইয়াৰ পাচতো যদি সমস্যা সমাধান নহয় তেন্তে শিক্ষামন্ত্ৰী গৰাকীৰ বাসগৃহৰ সন্মুখতে আত্মজাহৰ সিদ্ধান্ত লব টিউটৰ শিক্ষক সকলে ৷ টিউটৰ শিক্ষক সকলৰ অভিযোগ চলিত বিধান সভাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে টিউটৰ শিক্ষক সকলৰ মাহিলী মজুৰি বৃদ্ধিৰ পৰিবৰ্তে পাঁচ বছৰৰ অন্তত মাত্ৰ ৭২০ টকা মজুৰি বৃদ্ধি কৰে ৷ এই ধন মাহিলী মজুৰিৰ মাত্ৰ ৬% শতাংশ ৷ বৰ্তমানে টিউটৰ শিক্ষক সকলে মাহিলি বাৰহেজাৰ কৈ বিগত পাচঁ বছৰে মজুৰি লাভ কৰি আহিছে ৷ ইয়াৰ বিপৰীতে ৫ বছৰৰ অন্তত মাথো ৭২০ টকাহে বৃদ্ধি কৰাত জাঙুৰ খাই উঠিছে টিউটৰ শিক্ষক সমাজ ৷ কণা হাহঁক পতান দিয়া লেখিয়াকৈহে এই ধন আগবঢ়োৱা বুলি সংৱাদমেলখনত মন্তব্য কৰে টিউটৰ শিক্ষক সকলে ৷ শিক্ষক সকলে কয় শিক্ষামন্ত্ৰীৰ এই সিদ্ধান্ত আমি কেতিয়াও মানি নলও আৰু চৰকাৰৰ এই চৰম অন্যায় আৰু নিষ্ঠুৰ স্থিতিক আমি ধিক্কাৰ জনাইছো ৷ সংৱাদমেলখনত সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ) সংস্থাৰ সম্পাদক ভূৱন শৰ্মা প্ৰমুক্ষে কৰি বিষয়ববীয়া সকল উপস্থিত থাকে ৷ 


Comments