LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

চতিয়াৰ ইটাখোলাৰ বালিডোঙা গাঁৱৰ যুৱক বহিৰাজ্যত সন্ধানহীন

চতিয়াৰ ইটাখোলাৰ বালিডোঙা গাঁৱৰ যুৱক বহিৰাজ্যত সন্ধানহীন

তিনিটা সন্তানৰ পিতৃ ওচমান আলি পাচমাহে নিৰূদ্দেশৰ চাঞ্চল্য
ইটাখোলা আৰক্ষীচকীত এজাহাৰ দাখিল পত্নী ৰমিজা বেগমৰ

চতিয়াৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিডোঙা গাৱৰ এজন যুৱক পাচ মাহ পূৰ্ব্বে বহিৰাজ্যত কৰ্ম্ম সংস্হাপনৰ বাবে গৈ নিৰূদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷বালিডোঙা গাঁওখনৰ 'ৰমিজা বেগম' নামৰ মহিলাগৰাকীৰ স্বামী তিনিটা সন্তানৰ পিতৃ 'ওচমান আলি' পাচমাহ পূৰ্ব্বে পৰিয়াল ভৰনপোষন তাগিদাত কৰ্ম্মসংস্হাপন বিছাৰি গৈছিল বহিৰাজ্য কেৰেলালৈ৷তাত গৈ পোৱাৰ পিছত ফোন যোগে পত্নীৰ সৈতে কথাবতৰা পাতিছিল যদিও পিছত ফোনৰ চুইশ অফ হৈ থকাত চিন্তিত হৈ পৰে পত্নী ৰমিজা বেগম৷ উপায়হীন হৈ পত্নীয়ে ইটাখোলা আৰক্ষী চকীত স্বামী ওচমান আলিৰ নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে যদিও আজি প্ৰৰ্য্যন্ত আৰক্ষীয়ে নিৰূদ্দিষ্ট ওচমান আলিৰ কোনো সন্ধান লাভ কৰা নাই৷অসহায় মহিলাগৰাকীয়ে সন্তানৰ সৈতে অধিক চিন্তিত হৈ পৰি সদাশয় ৰাইজ ও চৰকাৰৰ প্ৰতি সহায়ৰ হাত মেলিছে৷ লগতে কোনো সদাশয় লোকে ওচমান আলিৰ সন্ধান পালে ৯৩৬৫৫৪৫৯৭৫ নম্বৰ ফোনত যোগাযোগ কৰিবলৈ পত্নী ও পৰিয়ালে আহৱান জনাইছে৷

Comments