LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত ১১ সংগঠনৰ তীব্ৰ প্ৰতিবাদ

কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত ১১ সংগঠনৰ তীব্ৰ প্ৰতিবাদ
 
বঙাইগাঁও, ০৯ নৱেম্বৰ:বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ কেন্দ্ৰীয়- ৰাজ্য চৰকাৰে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ আদি দাবীৰ লগতে কে এল অ ৰ অধ্যক্ষ জীৱন সিংহক আলোচনাৰ নামত ঠগ - প্ৰবঞ্চনাৰে আটক কৰি ৰখাৰ প্ৰতিবাদত আজি বঙাইগাঁও চহৰত আক্ৰাছু আৰু কে এছ ডি চি ৰ নেতৃত্বত ১১ টা সংগঠনৰ উত্তপ্ত প্ৰতিবাদী আন্দোলন কৰে ।কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে দাবী পূৰণ নকৰিলে পৰৱৰ্তী অসম বন্ধ আন্দোলনৰ হুংকাৰ দিয়ে।

আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ উজনি- নামনিৰ প্ৰতিটো জিলাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তপ্ত হৈ পৰাই নহয়, বিগত কেইবা দহক ধৰি কোঁচ ৰাজবংশী জনগোষ্ঠীয়ে কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ আদিৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ দাবীত জংগী আন্দোলন কৰি অহাৰ পিছত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠীটোক ঠগ প্ৰবঞ্চনা কৰাৰ লগতে কে এল অ ৰ অধ্যক্ষ জীৱন সিংহক ভুৱা আলোচনাৰ নামত ম্যানমাৰৰ ঘন জংঘলৰ পৰা চৰকাৰী দালালৰ জৰিয়তে আনি আটক কৰি ৰখাত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষুব্ধ হৈ পৰিছে কোঁচ ৰাজবংশী জনগোষ্ঠী ।
 
সেয়ে আজি পশ্চিম অসমৰ বঙাইগাঁও জিলা সদৰ চহৰৰ মিনি ষ্টেডিয়ামত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোঁচ ৰাজবংশী ৰাজ্য দাবী সমিতিৰ আহ্বানত মুঠ ১১ টা সংগঠনৰ প্ৰায় পঞ্চাছ হেজাৰ নেতা কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ইয়াৰ পিছত অনুষ্ঠিত হোৱা এক বৃহৎ গণ সমাবেশ কেইবাজনো নেতাই ভাষণ দি উত্তপ্ত কৰি তোলে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি কে এল অ ৰ অধ্যক্ষ জীৱন সিংহৰ সৈতে আলোচনা কৰি কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ নকৰে তেনেহলে বিজেপি চৰকাৰ তথা দলক অসমৰপৰা উফৰাই পেলোৱাৰ হুংকাৰ দি পৰৱৰ্তী অসম বন্ধৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে।

Comments