LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সাংস্কৃতিক

গোৱালপাৰাত অনুষ্ঠিত হ’ব প্ৰথম ৱাংগলা উৎসৱ ২০২৫

গোৱালপাৰাত অনুষ্ঠিত হ’ব প্ৰথম ৱাংগলা উৎসৱ ২০২৫

গুৱাহাটী, ৩ নবেম্বৰঃ
সদৌ অসম গাৰো এনজিঅ’ছ ফ’ৰামে গোৱালপাৰা জিলাত প্ৰথমবাৰৰ বাবে ‘ৱাংলা উৎসৱ ২০২৫’ আয়োজন কৰাৰ ঘোষণা কৰিছে। এই দুইদিনীয়া সংস্কৃতিক উৎসৱ ৭ আৰু ৮ নবেম্বৰ তাৰিখে ভীমাজুলি, গাৰোপাৰা, আগিয়া, গোৱালপাৰাত অনুষ্ঠিত হ’ব। গাৰো সমাজৰ বাবে এই অনুষ্ঠানটো ঐতিহাসিক দিশ হিচাপে চিহ্নিত হ’ব।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদসম্মেলনত আয়োজন সমিতিয়ে উৎসৱৰ বিষয়বস্তু, সাংস্কৃতিক গুৰুত্ব আৰু অনুষ্ঠানসূচী ঘোষণা কৰে। উৎসৱৰ সময়ত গাৰো সমাজৰ ঐতিহ্যবাহী নৃত্য, সংগীত, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু স্থানীয় পৰম্পৰা উপস্থাপন কৰা হ’ব।

ৱাংলা উৎসৱ বা “Hundred Drums Festival” গাৰো জনগোষ্ঠীৰ পুৰণি ধান কটা উৎসৱ। এই উৎসৱত সূৰ্যদেৱ মিছি ছালজংক ধন্যবাদ জ্ঞাপন কৰা হয় ভাল শস্য় উৎপাদনৰ বাবে, লগতে গাৰো সমাজৰ ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে এই উৎসৱ উদযাপন কৰা হয়।

সদৌ অসম গাৰো এনজিঅ’ছ ফ’ৰামৰ সভাপতি শ্ৰী ফ’লিন্চে সাংমায়ে কয়, “গোৱালপাৰাত প্ৰথমবাৰৰ বাবে এই উৎসৱ আয়োজন কৰা গাৰো সমাজৰ বাবে এটা গৌৰৱৰ সময়। এই উৎসৱৰ জৰিয়তে আমি অসমৰ বিভিন্ন স্থানীয় জনগোষ্ঠীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু সংস্কৃতিক সম্পৰ্ক মজবুত কৰিবলৈ আশা কৰিছোঁ।”

আয়োজক সমিতিয়ে গণমাধ্যম আৰু সংস্কৃতি প্ৰেমী সকলক উৎসৱখনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, যাতে গাৰো সমাজৰ ঐতিহ্য আৰু সংস্কৃতিৰ সৌন্দৰ্য অধিক বিস্তৃতভাৱে জনসাধাৰণৰ আগত উপস্থিত কৰিব পৰা যায়।


Comments