ৰাজ্যৰ আশা কৰ্মী সকলৰ বৰ্ধিত মাননি আদায় দিয়াৰ দাবী , আন্দোলনৰ হুংকাৰ

অসম ৰাজ্যিক আশা ইউনিয়নে আজি এক সংবাদ মেলৰ মাধ্যমেৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰ উভয়কেই আশা কর্মীসকলৰ মাননি বৃদ্ধিৰ ঘোষণা বাস্তৱায়ন কৰিবলৈ অনুৰোধ জনায়।

সংগঠনে উল্লেখ কৰে যে আশা কর্মীসকল জনস্বাস্থ্য ক্ষেত্ৰত তৃণমূল স্তৰত অক্লান্তভাৱে কাম কৰি আছে, যদিও তেওঁলোকক নন্যুতম মজুৰি প্ৰদান কৰা নহয়। সংগঠনে দাবী কৰে — আশা কর্মীসকলক স্বেচ্ছাসেবী বুলি উল্লেখ কৰি চৰকাৰে নিজৰ দায়িত্ব এৰাই গৈছে। প্রকৃততে, তেওঁলোকে স্বাস্থ্য বিভাগৰ পূৰ্ণ সময়ৰ কৰ্মী হিচাপে কাম কৰি আছে।

সভানেত্ৰী মমতা ৰাভাই সংবাদ মেলত কয়, “আমাৰ আন্দোলনৰ ফলত চলিত বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত ৰাজ্যিক বাজেট অধিবেশনত ৰাজ্য চৰকাৰে আশা কর্মীসকলৰ মাননি মাহিলী ৫০০ টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। কিন্তু এতিয়ালৈকে সেই ঘোষণা কাৰ্যকৰী হোৱা নাই।”

কেন্দ্ৰীয় চৰকাৰে আশা কর্মীসকলৰ মাননি ২০০০ টকাৰ পৰা ৩৫০০ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল, যি ২০২৫ চনৰ মাৰ্চ মাহৰ পৰা কার্যকৰী হোৱাৰ কথা। কিন্তু এই বর্ধিত মাননি এতিয়াও পোৱা নাযায় বুলি সংগঠনে অভিযোগ কৰে।

সংগঠনে জনায় যে এই দাবীসমূহ লৈ কেন্দ্ৰীয় ফেডাৰেচন ASHA Workers and Facilitators Federation of India ৰ আহ্বানত সৰ্বভাৰতীয় আন্দোলন আৰম্ভ কৰা হৈছে।

অসম ৰাজ্যিক আশা ইউনিয়নে ৰাজ্য চৰকাৰক অনুৰোধ জনাই যে বাজেটত ঘোষিত বর্ধিত মাননি অতি সোনকালেই প্ৰদান কৰাৰ ব্যৱস্থা কৰে যাতে আশা কর্মীসকলে পুনৰ আন্দোলনৰ পথত নামিবলগীয়া নহয়।
নহলে আগন্তুক দিনত কেন্দ্ৰীয় ভাৱে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে।

Post a Comment

Previous Post Next Post