বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় সম্পাদক সুশান্ত বিশ্বাসৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ, ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিৰ সংবাদমেল

ডিমৰীয়া, ২ নবেম্বৰঃ
ডিমৰীয়া সমষ্টিত বিজেপিৰ ভিতৰত তীব্ৰ অন্তকন্দলৰ ছবি পুনৰ এবাৰ প্ৰকাশ পাইছে। ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে বিজেপি ৰাজ্যিক কাৰ্য্যালয় সম্পাদক সুশান্ত বিশ্বাস (সুজিত)ৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, ডিমৰীয়াৰ অনুসূচিত জাতিৰ এজন উদীয়মান নেতা আৰু মণ্ডল সভাপতি বিপ্লৱ চৰকাৰক ষড়যন্ত্ৰ কৰি পদচ্যুত কৰাত সুশান্ত বিশ্বাস জড়িতবুলি দাবী কৰিছে ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে ।
এই বিষয়ে দুই নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰে।

ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে  দোহাই দিছে যে, বিপ্লৱ চৰকাৰ ডিমৰীয়া সমষ্টিৰ এটা সৱল নেতা হিচাপে উঠি অহাত “কিছুমান ব্যক্তি” ভয় পোৱা আৰম্ভ কৰে আৰু এই ভয়ৰ ফলস্বৰূপে তেওঁক দলৰ ভিতৰত ষড়যন্ত্ৰ কৰি অপসাৰণ কৰা হয়। বিষয়টোৰ সঠিক কাৰণ  দুদিনৰ ভিতৰত জনাবলৈ বিপ্লৱ চৰকাৰৰ সমৰ্থকসকলে বিজেপি নেতৃত্বক আহ্বান জনাইছে।

অভিযোগপত্ৰত অনুসৰি, “সুশান্ত বিশ্বাস বাংলাদেশীয় মূলৰ, আৰু তেওঁৰ নাম NRCত নাই বুলি ডিমৰীয়াত বহুদিন ধৰি চৰ্চা চলি আছে। তেওঁ ডিমৰীয়াত নিৰ্বাচন খেলাৰ আশা কৰি প্ৰতিমাহে লাখ লাখ টকা খৰচ কৰি আছে।”

ডিমৰীয়াৰ অনুসূচিত জাতিৰ সমাজে সন্দেহ প্ৰকাশ কৰিছে যে, “সুশান্ত বিশ্বাসে নিজৰ ধনৰ বলত ৰাজনীতিৰ মঞ্চত আধিপত্য বিস্তাৰ কৰাৰ চেষ্টা কৰিছে।” সেইবাবে তেওঁলোক বিশ্বাসৰ পৰা আগন্তুক দই দিনৰ ভিতৰত সংবাদ মেলৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে। অন্যথা, তেওঁক “ডিমৰীয়াত নিষিদ্ধ” ঘোষণা কৰাৰ হুমকিও দিছে।

ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে  লগতে কয় – “বিজেপি সদায় নীতি আদৰ্শৰ কথা কয়, কিন্তু যদি দলৰ ভিতৰত এইধৰণৰ ষড়যন্ত্ৰ চলি থাকে, তেনেহ’লে দলৰ প্ৰতি ৰাইজৰ বিশ্বাস নষ্ট হ’ব।” তেওঁলোকে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক অনুৰোধ জনাইছে যে, বিপ্লৱ চৰকাৰৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ এক নিৰপেক্ষ তদন্ত হওঁক আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈ বিপ্লৱ চৰকাৰক পুনৰ পদত বহাল ৰাখক।

একেলগে, সুশান্ত বিশ্বাসে বিগত দুই-তিনি বছৰত খৰচ কৰা কোটিৰ টকাৰ উৎস সন্দৰ্ভত এক তদন্ত সমিতি গঠন কৰাৰ দাবীও উত্থাপন কৰা হৈছে।

ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিয়ে কয় – “যদি এই অভিযোগত ন্যায় পোৱা নাযায়, তেন্তে সমগ্ৰ ডিমৰীয়া সমষ্টিৰ অনুসূচিত জাতিৰ ৰাইজে #JusticeforSCPeopleofDimoria শ্লোগানেৰে এক বৃহৎ গণআন্দোলন আৰম্ভ কৰিব।”

Post a Comment

Previous Post Next Post