LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বজালীত AJP ৰ ৰণশিঙা, প্ৰাক্তন অগপ নেতা দিলীপ বৰুৱা সহ কেইবা শতাধিক দলীয় কৰ্মীৰ AJP t যোগদান

বজালীত AJP ৰ ৰণশিঙা, প্ৰাক্তন অগপ নেতা দিলীপ বৰুৱা সহ কেইবা শতাধিক দলীয় কৰ্মীৰ AJP t যোগদান
বজালী, ০৯ নৱেম্বৰ:
নলবাৰী জিলাত জাতীয়বাদীৰ ভেটি কঁপাই অসম জাতীয় পৰিষদ নামৰ জাতীয়বাদী আঞ্চলিক ৰাজনৈতিক দলত যোগদান বিজেপি ৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই আৰু অগপ দলৰ জ্যেষ্ঠ শীর্ষনেতা দিলীপ বৰুৱা সহ কেইবা হেজাৰ নেতা কৰ্মীৰ।

বিজেপি আৰু অগপ আদি দলৰ মিত্ৰজোঁট চৰকাৰ তথা দলত্যাগ কৰি আজি নলবাৰী জিলাৰ বজালীৰ হৰি মন্দিৰ প্ৰাংগণত জাতীয়বাদী ৰ ভেটি কঁপাই অনুষ্ঠিত হোৱা এক বিশাল গণ সমাবেশত অসমৰ আন এক জাতীয়বাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদত বিজেপি দলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই আৰু অগপ দলৰ অতি পুৰণি তথা জ্যেষ্ঠ নেতা দিলীপ বৰুৱাই কেইবা হেজাৰ নেতা কৰ্মী লৈ যোগদান কৰে।সেইমৰ্মে অনুষ্ঠিত হোৱা সভাত এজেপি দলৰ কেন্দ্ৰীয় সভাপতি লুৰিনজ্যোতি গগৈ কে ধৰি কেইবাজনো শীৰ্ষ নেতাই সাম্প্ৰতিক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়- ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চোকা সমালোচনা কৰি ভাষণ দি আজিৰ পৰাই আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বজাই এই দলটোত যোগদান কৰি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পূৰ্বে পাঠশালা ৰ আজাদ ভৱন প্রাংগনত অনুষ্ঠিত হোৱা সভাত ডঃ ভূপেন হাজৰিকাদেৱক সোঁৱৰণ কৰে।ইফালে আজি বজালীত অনুষ্ঠিত হোৱা উক্ত সভাৰ পিছত এতিয়া পশ্চিম অসমৰ বঙাইগাঁও, বৰপেটা,বাক্সা,ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা সমূহত বিশেষভাবে তীব্ৰ আকৰ্ষণীয় কৰি তুলিছে । আৰু ইতিমধ্যে বিজেপি,অগপ আদি দলৰ পৰা বহুতো প্ৰাক্তন মন্ত্ৰী,বিধায়ক আৰু দলীয় শীর্ষনেতা -কৰ্মীয়ে উক্ত দলটোত যোগদানৰ বাবে ঠেং দাঙি থকা বুলি প্ৰকাশ পাইছে। এতিয়া সময়ৰ অপেক্ষাত থকা বুলি জানিব পৰা গৈছে।

Comments