নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি (AIDWA) অসম ৰাজ্যিক কমিটীয়ে আজিৰ এক সংবাদমেলত শিলচৰত সদ্য সম্পন্ন হোৱা সংগঠনৰ ত্রয়োদশ অসম ৰাজ্যিক সন্মিলনৰ সফল সামৰণিৰ বিষয়ে তথ্য আগবঢ়ায়। ২৫-২৬ অক্টোবৰ, ২০২৫ তাৰিখে বৰাক উপত্যকাৰ শিলচৰত অনুষ্ঠিত এই বৰ্ণাঢ্য সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ২০৮ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।
সংবাদমেলত সংগঠনৰ নতুন ৰাজ্যিক সভানেত্ৰী ডাঃ স্বর্ণলতা দাস, নতুন সম্পাদিকা মৈত্রেয়ী মিশ্ৰ আৰু কোষাধ্যক্ষ দীপালি মজুমদাৰ উপস্থিত থাকে। তেওঁলোকে সদ্য গঠিত ৫৫-জনীয়া নতুন ৰাজ্যিক সমিতিৰ লক্ষ্য, কৰণীয় আৰু আগন্তুক তিনিবছৰৰ সংগঠনিক দিশসমূহ সংবাদ মাধ্যমৰ আগত বিৱৰণ দিয়ে।
ডাঃ স্বৰ্ণলতা দাসে কয় — “শিলচৰৰ এই সন্মিলনে অসমৰ নাৰী আন্দোলনক নতুন দিশ প্ৰদান কৰিছে। গণতন্ত্র, সমানাধিকাৰ আৰু নাৰীমুক্তিৰ লক্ষ্য অৰ্জনত AIDWA আগন্তুক দিনত অধিক বলিষ্ঠভাৱে ভূমিকা ল’ব।” তেওঁ লগতে চৰকাৰৰ “নাৰীবিরোধী নীতি, মূল্যবৃদ্ধি, বেকাৰত্ব, কুশাসন আৰু জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ ন্যায়ৰ বিলম্ব”ৰ তীব্ৰ সমালোচনা কৰে।
সংবাদমেলত সম্পাদিকা মৈত্রেয়ী মিশ্ৰে কয় — “আমাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ নাৰীসকলক সংগঠিত কৰি শিক্ষিত আৰু আত্মনিৰ্ভৰশীল সমাজ গঠন। শিলচৰ সন্মিলনত গৃহীত আটটা প্ৰস্তাৱৰ মাজত নারী নিৰ্যাতন ৰোধ, সাম্প্ৰদায়িকতাৰ বিরুদ্ধে প্ৰতিবাদ, মূল্যবৃদ্ধি আৰু নিচাসক্তিৰ বিৰুদ্ধে অভিযান, তথা সংবিধানিক অধিকার ৰক্ষাৰ দিশত সক্ৰিয় পদক্ষেপ গ্ৰহণৰ আহ্বান জানোৱা হৈছে।”
কেন্দ্ৰীয় সম্পাদিকা মৰিয়ম ধাৱাল আৰু সহ-সম্পাদিকা কণীনিকা বসু ঘোষে সন্মিলনত অংশগ্ৰহণ কৰি দেশজুৰি চলি থকা সাম্প্ৰদায়িক মেৰুকৰণ, লিংগ বৈষম্য আৰু সংঘ পৰিয়ালৰ মনুবাদী চিন্তাধাৰাৰ বিৰুদ্ধে তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে নাৰী আন্দোলনক অধিক সুসংগঠিত কৰাৰ আহ্বান জনায়।
সংবাদমেলত উল্লেখ কৰা হয় যে, সন্মিলনত অষ্ট প্ৰস্তাৱ গৃহীত হয় — যাৰ ভিতৰত আছিল অসমত বন্যা আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান, উচ্ছেদবিরোধী আন্দোলন, আৰু নাৰী সুৰক্ষাৰ বিষয়।
এই সন্মিলনত ২১ গৰাকী প্ৰতিনিধি হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় সন্মিলনত যোগদানৰ বাবে নিৰ্বাচিত হয়। ৭৭ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ পৰ্যন্ত নাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে এই দুদিনীয়া অনুষ্ঠানক উদ্দীপনাময় ৰূপ দিয়ে।
শেষত সংগঠনৰ নেতৃবৃন্দে ঘোষণা কৰে যে, AIDWA অসম আগন্তুক দিনত সমাজৰ সকলো ক্ষেত্ৰত নাৰী সুৰক্ষা, ন্যায় আৰু সামাজিক ন্যায়ৰ বাবে লড়াই জাৰি ৰাখিব। সন্মিলনৰ শেষত প্ৰতিনিধিসকলে সমস্বৰে গণসংগীত ‘We Shall Overcome’ গীত পৰিৱেশন কৰি নাৰীমুক্তিৰ আদৰ্শ সজীৱ কৰি তোলে।