গুৱাহাটী, ৩১ অক্টোবৰ, ২০২৫:
উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য পৰিকাঠামো শক্তিশালী কৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, আৰ জে কৰ্প হেলথকেয়াৰ-এ আজি গুৱাহাটীত স্থাপন কৰিবলগীয়া ‘কুকুন হাস্পতাল’-ৰ শিলান্যাস সম্পন্ন কৰিলে। এই উন্নত মাতৃ-শিশু সেবা কেন্দ্ৰখনৰ ভুমি পূজন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি এই ঐতিহাসিক প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে।
৫০ খন বিচনাযুক্ত এন.এ.বি.এইচ. (NABH) স্বীকৃত এই মাতৃ-শিশু হাস্পতালখনত মাতৃত্ব, স্ত্ৰীৰোগ, আইভিএফ, শিশুচিকিৎসা আৰু নবজাতক সেবা সম্পৰ্কীয় পূৰ্ণাঙ্গ চিকিৎসা সুবিধা উপলব্ধ হ’ব। আধুনিক পৰিকাঠামো, দক্ষ চিকিৎসক দল আৰু দয়াশীল সেবাৰ সমন্বয়ে এই হাস্পতালখনক গঢ়ি তোলা হ’ব। পৰৱৰ্তী দুবছৰৰ ভিতৰত হাস্পতালখন সম্পূৰ্ণ ৰূপে সচল হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।
ভুমি পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাস্থ্য খণ্ডত আৰ জে কৰ্প হেলথকেয়াৰৰ বিনিয়োগক স্বাগত জনাই কয় যে, “এই ধৰণৰ বিশ্বমানৰ স্বাস্থ্য প্ৰকল্পে ৰাজ্যৰ মাতৃ-শিশু স্বাস্থ্য ব্যৱস্থাৰ গুণগত মান উন্নত কৰাৰ লগতে বহুস্থানীয় ৰোজগাৰৰ সুযোগও সৃষ্টি কৰিব।”
চিকিৎসা সেৱাৰ লগতে, এই প্ৰকল্পৰ লক্ষ্য হৈছে অসমৰ সামাজিক আৰু আৰ্থিক পৰিৱেশত ইতিবাচক পৰিবর্তন অনা। প্ৰকল্পখনৰ জৰিয়তে ৭০০ ৰো অধিক লোকক প্ৰতক্ষ আৰু পৰোক্ষভাৱে ৰোজগাৰৰ সুযোগ প্ৰদান কৰাৰ লগতে স্থানীয় উদ্যোগসমূহৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে চিকিৎসা, লজিষ্টিকছ আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা নিশ্চিত কৰা হ’ব। লগতে, প্ৰতিৰোধমূলক স্বাস্থ্য শিবিৰ, টিকাকৰণ অভিযান আৰু মহিলা-শিশু সুশাস্থ্য কাৰ্যসূচীৰ দ্বাৰাও সমাজৰ বাবে অবদান আগবঢ়োৱা হ’ব।
এই সুযোগত শ্ৰী ৰবি কান্ত জৈপুৰিয়া, আৰ জে কৰ্পৰ চেয়াৰমেনগৰাকীয়ে কয়, “গুৱাহাটীস্থিত কুকুন হাস্পতালৰ শিলান্যাস আমাৰ বাবে এটা গৌৰৱৰ দিন। অসমৰ জনগণৰ বাবে বিশ্বমানৰ মাতৃ-শিশু সেবা প্ৰদানৰ মাধ্যমেৰে দেশজুৰি সুস্থ সমাজ গঠনই আমাৰ লক্ষ্য।”
কুকুন হাস্পতালৰ উপ-সভাপতি শ্ৰীমতী দেবযানী জৈপুৰিয়াই কৈছিল, “এই হাস্পতালখন কেৱল চিকিৎসালয় নহয়, ই এটা সমাজকেন্দ্ৰ হিচাপে কাম কৰিব — য’ত প্ৰতিষেধক স্বাস্থ্য, স্থানীয় ৰোজগাৰ আৰু মহিলা-শিশু কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। অসমৰ জনগণৰ সেবা আমাৰ গৌৰৱ।”
হাস্পতালখনত আধুনিক অপাৰেচন থিয়েটাৰ, ডিজিটেল ডায়াগনষ্টিক ব্যৱস্থা আৰু উন্নত নবজাতক নিবিড় চিকিৎসা কক্ষ (NICU) স্থাপন হ’ব, যাতে মাতৃ আৰু শিশুৰ বাবে পূৰ্ণ সেবা নিশ্চিত হয়।
গুৱাহাটীস্থিত এই কুকুন হাস্পতালৰ সৈতে, আৰ জে কৰ্প হেলথকেয়াৰে নিজৰ উত্তৰ-পূব ভাৰতলৈ কৌশলগত বিস্তাৰ আৰম্ভ কৰিছে। উদ্দেশ্য— দেশৰ প্ৰতিটো কোণত উন্নত আৰু সুলভ চিকিৎসা সেবা উপলব্ধ কৰি এটা স্বাস্থ্যসচেতন সমাজ গঠন কৰা।
আৰ জে কৰ্প হেলথকেয়াৰ বিষয়ে:
প্ৰসিদ্ধ উদ্যোগপতি শ্ৰী ৰবি কান্ত জৈপুৰিয়াৰ দ্বাৰা প্ৰতিষ্ঠিত আর জে কৰ্প হৈছে এটা বহুমুখী ব্যৱসায়িক গোষ্ঠী, যাৰ অন্তৰ্গত বেভাৰেজ (ভাৰুণ বেভাৰেজ লিমিটেড), খাদ্য বিতৰণ (দেবযানী ইণ্টাৰনেচনেল), শিক্ষা আৰু হেলথকেয়াৰ ক্ষেত্ৰ। হেলথকেয়াৰ শাখাৰ অন্তৰ্গত ক্ৰাই’ভিভা লাইফ ছায়েঞ্চ— যি ভাৰতৰ অন্যতম বৃহৎ আম্বিলিকেল কৰ্ড ব্লাড ষ্টেমচেল বেংক— আৰু কুকুন হাস্পতালছ, যাৰ কেন্দ্ৰ বৰ্তমান জয়পুৰ, চণ্ডীগড় আৰু এতিয়া গুৱাহাটীত স্থাপিত।