গুৱাহাটী, ৩১ অক্টোবৰ, ২০২৫ঃ উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যক্ষেত্ৰত এক ঐতিহাসিক অধ্যায়ৰ সূচনা হ’বলৈ লৈছে। ভাৰতৰ অন্যতম বৃহৎ বেচৰকাৰি বহুবিশেষজ্ঞ চিকিৎসা প্ৰদানকাৰী সংস্থা গ্লবেল হেল্থ লিমিটেড (Medanta) গুৱাহাটীত স্থাপন কৰিব অত্যাধুনিক ৪০০+ বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল। সৰুসজাইৰ ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ কাষত স্থাপন হ’বলগীয়া এই চিকিৎসালয়খনৰ বাবে প্ৰায় ৫০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব আৰু ই উত্তৰ-পূব ভাৰতৰ চিকিৎসা পৰিসৰত এক যুগান্তকাৰী পৰিৱর্তন আনিব বুলি আশা কৰা হৈছে।
প্ৰেছ কনফাৰেন্সত উপস্থিত থাকি পদ্ম ভূষণ, পদ্মশ্ৰী আৰু ডাঃ বি.চি. ৰয় বঁটা লাভ কৰা মেদান্তৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ট্রেহানে কয় যে, “উত্তৰ-পূব ভাৰত বহুদিন ধৰি উন্নত চিকিৎসা সেৱাৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে। মেদান্তত আমি বিশ্বাস কৰোঁ, উৎকৃষ্ট স্বাস্থ্যসেবা কোনো বিশেষাধিকাৰ নহয় — ই সকলোৰে অধিকাৰ। গুৱাহাটী হাস্পতালখন আমাৰ সেই প্ৰতিশ্ৰুতিৰ প্রতিফলন, য’ত সকলোৰে বাবে উন্নত আৰু সুলভ চিকিৎসা নিশ্চিত কৰা হৈছে।” ডাঃ ট্রেহানে আৰু কয় যে, মেদান্তৰ লক্ষ্য হৈছে দেশৰ প্ৰতিটো জনক বিশ্বমানৰ চিকিৎসা সুলভ কৰা আৰু অঞ্চলটোক চিকিৎসা পৰিসৰত আত্মনিৰ্ভৰ কৰা।
এই নতুন ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ যত্নসহ বিভিন্ন বিশেষজ্ঞ চিকিৎসা সুবিধা উপলব্ধ হ’ব। ইয়াত থাকিব বৃক্ক, যকৃত, হাওঁফাওঁ, হৃদযন্ত্র, হাড়ৰ মজ্জা আৰু ৰবটিক সংৰোপণ চিকিৎসা, কাৰ্ডিঅ'লজি আৰু কাৰ্ডিয়াক চাৰ্জাৰী (শিশু হৃদৰোগ চিকিৎসাসহ), নিউৰ'লজী, নিউৰোচাৰ্জাৰী আৰু ইণ্টাৰভেনচনেল নিউৰ'লজী, অৰ্থ'পেডিকছ আৰু জইণ্ট ৰিপ্লেছমেন্ট, চিকিৎসা, অস্ত্রোপচাৰ আৰু ৰেডিয়চন অংক'লজী, গেষ্ট্ৰোএণ্টেৰ'লজী, নেফ্ৰ'লজী আৰু ইউৰ'লজী, শ্বাসপ্ৰশ্বাসজনিত চিকিৎসা, ইএনটি, হেড এণ্ড নেক কেন্সাৰ, প্লাষ্টিক, এস্থেটিক আৰু পুনর্গঠনমূলক অস্ত্রোপচাৰ, এগুক্ৰাইন'লজী, ক্রিটিকেল কেয়াৰ, ট্ৰমা, অফথালম'লজী আৰু মেক্সিলোফেচিয়েল চাৰ্জাৰী আদিৰ সম্পূৰ্ণ পৰিসৰ। এই চিকিৎসালয়খনত উন্নত ৰবটিক প্ৰযুক্তি, ডিজিটেল হেল্থকেৰ ব্যৱস্থা আৰু আন্তর্জাতিক মানৰ চিকিৎসা পৰিচালনা পদ্ধতি ব্যৱহাৰ কৰা হ’ব।
গুৱাহাটী হাস্পতালখনৰ স্থাপনৰ ফলস্বৰূপে স্বাস্থ্যসেবা, প্রশাসন, পৰিচালনা আৰু সহায়ক সেৱা খণ্ডত ৫,০০০ৰ পৰা ৭,০০০জনলৈকে প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সুযোগ সৃষ্টি হ’ব। এই পদক্ষেপে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক গতি সঞ্চাৰত এক নতুন দিশা দিব আৰু অঞ্চলটোক চিকিৎসা পৰ্যটনৰ নতুন গন্তব্য হিচাপে প্ৰতিষ্ঠা কৰিব।
বৰ্তমানে মেদান্তে গুৰগাঁও, ইন্দোৰ, ৰাঁচী, লক্ষ্ণৌ, পাটনা আৰু নয়ডাত ছখন বিশ্বমানৰ চিকিৎসালয় পৰিচালনা কৰি আহিছে, যাৰ আয়তন ৫৫ লাখ বৰ্গফুট আৰু ৩,৩০০ৰো অধিক কার্যক্ষম বিচনা আছে। গুৱাহাটী হাস্পতালৰ লগতে মুম্বাই (অশিৱাৰা) আৰু দিল্লী (পিতমপুৰা আৰু গ্ৰেটাৰ কৈলাশ) তও মেদান্তে নিজৰ পদাৰ্পণ বিস্তাৰ কৰিছে, যাৰ ফলত আগন্তুক সময়ছোৱাত সংস্থাটোৰ মুঠ বিচনাৰ সক্ষমতা ২০০০ৰো অধিক হ’ব।
ডাঃ নৰেশ ট্রেহানে স্থাপন কৰিছিল মেদান্তক এই দৃষ্টিভংগীৰে — য’ত Mayo Clinic, Johns Hopkins, Harvard Medical School, আৰু Imperial Collegeৰ দৰে বিশ্ববিখ্যাত চিকিৎসা প্ৰতিষ্ঠানৰ উৎকৃষ্টতাক মডেল হিচাপে ধৰা হৈছিল। সেই দিশে আগুৱাই গৈ মেদান্তে “হৰ এক জন অনমোল” (প্ৰত্যেক জীৱন অমূল্য) দৰ্শনৰ ওপৰত আধাৰিত হৈ সকলোৰে বাবে সুলভ, দয়ালু আৰু বিশ্বমানৰ চিকিৎসা সেবা প্ৰদানৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।
এই নতুন গুৱাহাটী চিকিৎসালয়খন মেদান্তৰ সেই আদৰ্শক নতুন শক্তি যোগাব, উত্তৰ-পূব ভাৰতৰ চিকিৎসা ব্যৱস্থাক বিশ্বৰ মানচিত্ৰত স্থাপন কৰিব আৰু লাখো লোকৰ জীৱনক আশাৰ নতুন দীপশিখাৰে আলোকিত কৰি তুলিব।