গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৫:
বিশ্ব স্ট্রোক দিৱসৰ সুযোগত গুৱাহাটীৰ পিয়াৰলেছ হাস্পতাল আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি জৰুৰীকালীন চিকিৎসা সেৱাত ‘গোল্ডেন আৱাৰ’-ৰ জীৱন ৰক্ষাকাৰী গুৰুত্বৰ ওপৰত বিশেষ আলোকপাত কৰে। চিকিৎসালয়খনে স্ট্ৰোক, হাট এটেক তথা ট্ৰমা দৰে জৰুৰী অৱস্থাত সময়োপযোগী চিকিৎসাৰ প্ৰয়োজনীয়তা বুজাবলৈ এখন বৃহৎ গণ সজাগতা অভিযান আৰম্ভ কৰাৰ ঘোষণা কৰে।
সংবাদমেলত উপস্থিত পিয়াৰলেছ হাস্পতাল গুৱাহাটী চিকিৎসা অধীক্ষক তথা জৰুৰীকালীন বিভাগৰ সঞ্চালক ডাঃ প্ৰণৱ বৰুৱাই কয়, “স্ট্ৰোক বা হাট এটেকৰ সময়ত প্রতিটো মিনিট অমূল্য। গোল্ডেন আৱাৰৰ ভিতৰত ৰোগীক সুসজ্জিত চিকিৎসালয়লৈ নিয়া হ’লেই জীৱন ৰক্ষা আৰু আৰোগ্যৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।” তেওঁ লগতে কয়, “গোল্ডেন আৱাৰ কেৱল চিকিৎসাৰ শব্দ নহয়, ই হৈছে জীৱন আৰু মৃত্যুৰ পাৰ্থক্য।”
চিকিৎসালয়খনে অভিযানৰ অংশ হিচাপে ৰাজহুৱা স্থান, বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজৰ বিভিন্ন স্তৰত তথ্য-শিক্ষা-যোগাযোগ (IEC) কাৰ্যসূচী অনুষ্ঠিত কৰিব। লগতে ষ্ট্ৰোকৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্তকৰণ, শীঘ্ৰে সহায় বিচৰা আৰু এম্বুলেন্স সেৱা লাভৰ সম্পৰ্কে জনগণক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰা হ’ব।
পিয়াৰলেছ হাস্পতালৰ স্নায়ুবিজ্ঞান বিভাগৰ ডাঃ কুমি ৰাজেশ কুমাৰ বীৰেন্দ্ৰপ্ৰসাদে কয়, “ষ্ট্ৰোকৰ লক্ষণসমূহ অনেক সময়ত উপেক্ষা কৰা হয়, যাৰ ফলত মূল্যবান সময় হেৰাই যায়। মুখ বেঁকা হৈ যোৱা, কথা কোৱাত অসুবিধা, শৰীৰৰ একফাল দুর্বল হোৱাজনীয়া লক্ষণ দেখা দিলেই তৎক্ষণাত চিকিৎসা সহায় লোৱা উচিত।”
নিউৰ’চাৰ্জাৰী বিভাগৰ ডাঃ শ্বাহানুৰ ৰহমানে কয়, “ষ্ট্ৰোকৰ আধুনিক চিকিৎসা পদ্ধতিসমূহে মগজুলৈ তেজৰ সোঁত পুনৰ স্থাপন কৰিবলৈ সক্ষম, কিন্তু এই চিকিৎসা তেতিয়াহে ফলপ্ৰসূ হয় যদিহে ৰোগী সময়মতে চিকিৎসালয়ত উপস্থিত হয়।”
অন্যহাতে, ক্রিটিকেল কেয়াৰ বিভাগৰ ডাঃ বন্দনা সিনহাই কয়, “গোল্ডেন আৱাৰ এক বাস্তৱতা। জৰুৰীকালীন যত্ন, দক্ষ চিকিৎসক দল আৰু আধুনিক ICU সুবিধাই ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। আমি সকলো নাগৰিকক অনুৰোধ কৰিছো — জৰুৰী পৰিস্থিতিত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এম্বুলেন্সক বাট এৰি দিয়ক।”
চিকিৎসকসকলে সংবাদমেলত ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ জৰুৰীকালীন অৱস্থাৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত বিশেষ বিৱৰণ দিয়ে। তেওঁলোকে কয় যে পিয়াৰলেছ হাস্পতালত ‘প্ৰম’লাইছিছ’ৰ দৰে আধুনিক জীৱন ৰক্ষাকাৰী চিকিৎসা সুবিধা উপলব্ধ, যাৰ দ্বাৰা ৰোগীক সময়মতে চিকিৎসা প্ৰদান কৰি জীৱন ৰক্ষা কৰাটো সম্ভৱ।
অভিযানৰ অংশ হিচাপে পিয়াৰলেছ হাস্পতালে বিভিন্ন সজাগতা কাৰ্যসূচী, প্ৰশিক্ষণ শিবিৰ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ বিপদ বিষয়ে শিক্ষামূলক উদ্যোগ আৰু স্থানীয় সংগঠনসমূহৰ সৈতে যৌথ প্ৰচাৰ অভিযান চলাব। চিকিৎসালয়খনে সংবাদ সংস্থা, স্বেচ্ছাসেৱী সংগঠন আৰু সমাজৰ সকলো স্তৰক এই উদ্যোগত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যাতে জৰুৰীকালীন চিকিৎসা সেৱাৰ বিষয়ে সজাগতা বৃদ্ধি পায় আৰু অধিক জীৱন ৰক্ষা সম্ভব হয়।