LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিৰ বিকাশমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিৰ বিকাশমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা
গুৱাহাটী, ২৮ অক্টোবৰঃ
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকলৰ সৈতে লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকখনত বিটিচিৰ অন্তৰ্গত কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি আৰু তামুলপুৰ জিলাৰ জিলা আয়ুক্তসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।

বৈঠকখনত মুখ্যমন্ত্ৰীয়ে অঞ্চলটোত চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতি আৰু ফলপ্ৰসু ৰূপায়ণৰ বিষয়ত বিস্তারিত আলোচনা কৰে। বিশেষকৈ অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, আত্মনিৰ্ভৰ অসম অভিযান, অসম মালা, অসম দৰ্শন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আৰু এম জি এনৰেগা আঁচনিৰ কাৰ্যকৰী ৰূপায়ণৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।
মুখ্যমন্ত্ৰীয়ে বৈঠকৰ সময়ত সংশ্লিষ্ট জিলা আয়ুক্তসকলক নিৰ্দেশনা দিয়ে যাতে বিটিআৰ অঞ্চলত জনকল্যাণমুখী আঁচনিসমূহ দ্ৰুত গতিত কাৰ্যকৰী কৰা যায় আৰু প্ৰতিখন গাঁও আৰু অঞ্চলবাসীয়ে এই আঁচনিসমূহৰ সুফল লাভ কৰিব পাৰে।

Comments