ছেমিকন ইণ্ডিয়া ২০২৫ত ভাৰতৰ প্ৰথম ভৰতীয় থলুৱা চিপ ‘বিক্ৰম ৩২-বিট’ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

নতুন দিল্লী, ২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত ছেমিকন ইণ্ডিয়া ২০২৫ উদ্বোধন কৰি ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ থলুৱা মাইক্ৰ’চিপ — মোহলীৰ ইছৰোৰ ছেমিকণ্ডাক্টৰ লেবৰেটৰীয়ে নিৰ্মাণ কৰা বিক্ৰম ৩২ বিট প্ৰচেছৰ উন্মোচন কৰে।

 বিশেষকৈ প্ৰতিৰক্ষা আৰু উপগ্ৰহ প্ৰয়োগৰ বাবে অৰ্ধপৰিবাহী প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ যাত্ৰাত এই উৎক্ষেপণ এক উল্লেখযোগ্য মাইলৰ খুঁটি। ১০টা ডাঙৰ প্ৰকল্পত ১৮ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগৰ দ্বাৰা সমৰ্থিত এই পদক্ষেপে ৯০ হাজাৰতকৈ অধিক চাকৰিৰ সৃষ্টি কৰিব আৰু ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বব্যাপী অৰ্ধপৰিবাহী কেন্দ্ৰ হোৱাৰ দিশত আগুৱাই নিব বুলি আশা কৰা হৈছে।

 পি এম মোদীয়ে জোৰ দি কয় যে এই সাফল্যই ভাৰতৰ উন্নত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান সামৰ্থ্যক প্ৰতিফলিত কৰিছে আৰু বিশ্ব ইলেক্ট্ৰনিকছ পৰিৱেশ তন্ত্ৰত ভাৰতৰ স্থান শক্তিশালী কৰিব।

Post a Comment

Previous Post Next Post