LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সশস্ত্ৰ সীমা বল, সীমান্ত গুৱাহাটী আৰু ১ম বেটেলিয়ন, ৰ ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

সশস্ত্ৰ সীমা বল, সীমান্ত গুৱাহাটী আৰু ১ম বেটেলিয়ন, ৰ ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন
সশস্ত্ৰ সীমা বল, সীমান্ত গুৱাহাটী আৰু ১ম বেটেলিয়ন, সোণাপুৰৰ উদ্যোগত ২০২৫ চনৰ ২১ জুন তাৰিখে অতি উদ্যম আৰু উৎসাহেৰে ১১ সংখ্যক আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। মহাপৰিদৰ্শক শ্ৰী সুধীৰ ভাৰ্মাৰ নেতৃত্বত ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে সুস্থ বিশ্ব জন সংখ্যাৰ বাবে এছ এছ বি ফ্ৰন্টিয়াৰ গুৱাহাটীৰ দৃষ্টিভংগী ভাগ কৰি “এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ” শীৰ্ষক বিষয় বস্তু গ্ৰহণ কৰি বাহিনীৰ সকলো জোৱানে যোগাসন কৰে। শ্বহীদৰ পৰিয়াল সমূহেও এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মহাপৰিদৰ্শকৰ দ্বাৰা সন্মানিত কৰে।
এই শুভ অনুষ্ঠানত শ্ৰী ভাৰ্মাই আলোকপাত কৰে যে যোগে আমাৰ সামগ্ৰিক ব্যক্তিত্ব- শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে সামাজিক সংহতিত সহায় কৰে। উন্নত আৰু সুস্থ জীৱনৰ বাবে তেওঁ বাহিনীৰ সকলো জোৱানক দৈনন্দিন জীৱনত যোগাসন গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে ভাৰত-ভূটান আন্তঃ ৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাৰ উপৰিও সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মাজত যোগৰ উপকাৰিতাৰ বিষয়ে সজাগতা বিয়পোৱাৰ সংকল্প পূৰণ কৰি আছে বুলিও কয়।
এই সময়ছোৱাত সীমান্ত গুৱাহাটীৰ আঞ্চলিক সন্দীক্ষা সভানেত্রী শ্রীমতী ৰাণী অনুৰাধাৰ নেতৃত্বত সমগ্র সন্দীক্ষা পৰিয়ালেও অতি উৎসাহেৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি "এক পৃথিৱীৰ বাবে যোগ, এক স্বাস্থ্য"বিষয়ক সফল কৰি তোলাত তেওঁলোকৰ বহুমূলীয়া সহযোগিতা আগবঢ়ায়।

Comments