LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

১.৫ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

১.৫ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ অসম চৰকাৰ
১.৫ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ অসম চৰকাৰ


অসম চৰকাৰে ৰাজ্যৰ উন্নয়ন আৰু নিবনুৱা সমস্যাৰ সমাধানৰ লক্ষ্যৰে ১.৫ লাখ নিয়োগ সম্পন্ন কৰাৰ দিশত অগ্ৰসৰ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ইতিমধ্যে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ যুৱক- যুৱতীৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি হৈছে।

  ২০২১ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ২০২৪ চনৰ ভিতৰত ১ লাখ চাকৰি প্ৰদান কৰা হ'ব। সেই লক্ষ্য পূৰণৰ লগতে এতিয়া চৰকাৰে ১.৫ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ হৈছে। ইতিমধ্যে বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। 

বিশেষকৈ আৰক্ষী বিভাগৰ অসম আৰক্ষী, APBn, হোম গাৰ্ড আদিত উল্লেখযোগ্য নিযুক্তি, শিক্ষা বিভাগৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তি, চিকিৎসা বিভাগত চিকিৎসক, নাৰ্ছ, টেকনিচিয়ান, আৰু আন সহায়ক কৰ্মচাৰী নিযুক্তি, কৃষি আৰু ক্ষুদ্র উদ্যোগ সম্বন্ধীয় ক্ষেত্ৰত চাকৰিৰ সুযোগ সৃষ্টি, লগতে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি।

অসমত নিবনুৱা সংখ্যা দিন-দিনে বৃদ্ধি পাইছে যাৰ ফলত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা সৃষ্টি হৈছে। এই নিযুক্তি পৰ্বই লাখ লাখ শিক্ষিত যুৱকৰ বাবে স্থায়ী চাকৰিৰ ব্যৱস্থা কৰিব।

অসম চৰকাৰে স্বচ্ছ আৰু মেধাৰ ভিত্তিত নিয়োগ প্ৰদানৰ লক্ষ্য লৈ ADRE, ASPSC, APSC, SLPRB, আৰু অন্যান্য সংস্থাসমূহৰ জৰিয়তে নিয়োগ সম্পন্ন কৰি আহিছে। চাকৰিৰ বাবে আবেদন, পৰীক্ষা, আৰু অন্তিম নিৰ্বাচনৰ সকলো অনলাইন তথা অফলাইন দুয়োটা মাধ্যমতে সম্পন্ন কৰা হৈছে।


অসম চৰকাৰৰ এই বৃহৎ নিয়োগ অভিযান ৰাজ্যৰ অর্থনৈতিক স্থিৰতা, নিবনুৱা সমস্যা সমাধান, আৰু সমগ্ৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়নলৈ এক গুৰুত্বপূর্ণ পদক্ষেপ। যুৱ সমাজৰ বাবে এই উদ্যোগে আশাৰ বতৰা কঢ়িয়াই আনিছে, আৰু আশা কৰা গৈছে যে অসম চৰকাৰৰ এই প্ৰচেষ্টাই সফলতা লাভ কৰিব।

Comments