LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

পণ্ডিত কৃষ্ণ কান্ত সন্দিকৈৰ প্ৰতিমূৰ্তি উন্মোচন

পণ্ডিত কৃষ্ণ কান্ত সন্দিকৈৰ প্ৰতিমূৰ্তি উন্মোচন

                                       
গুৱাহাটী, ১০ নৱেম্বৰঃ মহানগৰীৰ খানাপাৰাস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় চৌহদত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য পণ্ডিত প্ৰৱৰ কৃষ্ণ কান্ত সন্দিকৈৰ এটি নৱ নিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য লক্ষ্মন প্ৰসাদ আচাৰ্যই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰখ্যাত শিক্ষাবিদ গৰাকীৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসে। আদৰণি ভাষণত অধ্যাপক দাসে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ ৰাজ্যখনৰ প্ৰথম আৰু একমাত্ৰ মুক্ত বিশ্ববিদ্যালয়খনৰ বৰঙণি সম্পৰ্কে আলোকপাত কৰে। ইয়াৰ পাছতে পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ৰাজ্যপাল আচাৰ্যই। প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কৰে। উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকৰ আৰ্থিক অনুদানত বিশিষ্ট শিক্ষাবিদ গৰাকীৰ প্ৰায় তেৰ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মান কৰা হয়। এই প্ৰতিমূৰ্তিটি অসমৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰে।স্মৰ্তব্য যে অনুষ্ঠানটিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক শ্ৰীনাথ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি, বিশ্ববিদ্যালয়খনৰ অধ্যাপক-কৰ্মচাৰী, অধ্যয়নৰত শিকাৰু, ভাৰতীয় ষ্টেট বেংকৰ বিষয় ববীয়া আদি উপস্থিত থাকে।

Comments