LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

YBY আচলতে ট্ৰেডিং নে স্কেম ??

YBY আচলতে ট্ৰেডিং নে স্কেম ??
অলপতে সমগ্ৰ অসমতে জনপ্ৰিয় হোৱা ট্ৰেডিং এপ YBY আচলতে সঁচাকৈ ট্ৰেডিং এপ্ নে এটা SCAM। YBY TRADING ৰ দ্বাৰা বহুতে ভাল উপাৰ্জন কৰা বুলি প্ৰচাৰ হৈ আছে। কিন্তু কথাটো কিমান দূৰ সঁচা। প্ৰথমতে যইনিং কৰোঁতে নিম্নতম ৬০০০ টকা দি যয়নিং কৰিব লাগে আৰু তাৰ পিছত আৰম্ভ হৈ যায় ট্ৰেডিং। কিন্তু টকা উলিওৱাৰ সময়ত হে আৰম্ভ হয় আচল নাটক। সময়মতে টকা উলিয়াব পৰা নাই নিৱেশক সকলে। তাকো ৰাতিপুৱা নন-বেংকিং সময়ত ৭:০০- ৯:০০ বজাত হে উলিয়াব পাৰে ধন।টকা উলিয়াব লাগিলেও ২০% টেক্স দিব লাগে। তাকো উলিয়াব পৰা হোৱা নাই। নতুনকৈ আকৌ KYC ৰ নামত আকৌ ৬০০০ টকা জমা বিচাৰিছে YBY এ। এইটো আকৌ কিহৰ নিয়ম? ভাৰতৰ বেংকিং চিষ্টেম ৰ কোনোদিনে নোহোৱা নপজা নিয়ম। ক'ত KYC ৰ নামত ধন বিচাৰে? এতিয়া KYC নকৰালৈকে নিৱেশক সকলে টকা উলিয়াব ও নোৱাৰা হৈছে আৰু ট্ৰেডিং ও কৰিব নোৱাৰা হৈছে। আকৌ ৬০০০ টকা দিয়াৰ পিছত যদি আকৌ এখন নাটক আৰম্ভ কৰে, তাৰ কি বিশ্বাস আছে? আচলতে YBY এটা SCAM হয় যত অসমৰ সহজ সৰল লোকক লুতি নিয়াৰ ব্যৱস্থা কৰা হৈছে। YBY ৰ RBI অনুজ্ঞাপত্ৰ আছে নে নাই, কেনেধৰণৰ অনুজ্ঞাপত্ৰ আছে তাৰ কোনো অস্তিত্ব নাই। এনে ধৰণৰ app r পৰা সকলোৱে দূৰত্বত থাকক আৰু নিজৰ কষ্টৰ টকা আনে লুটি নিয়াৰ পৰা ৰক্ষা কৰক। ৰাইজে মিলি এনে ধৰণৰ app ৰ লগত জৰিত লোকসকলক ধৰি এশিকণি ‍ দি পুলিচক দিয়াৰ ব্যৱস্থা কৰিব লগে যাতে অসমৰ সহজ সৰল লোকক কোনো অসধু লোকে লুটিব নোৱাৰে।

Comments