LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

টেট্ উত্তীৰ্ণ শিক্ষক পৰিয়াল কল্যাণ মঞ্চ, অসম''ৰ উদ্যোগত প্ৰয়াত শিক্ষক সকলৰ সোঁৱৰণত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

টেট্ উত্তীৰ্ণ শিক্ষক পৰিয়াল কল্যাণ মঞ্চ, অসম''ৰ উদ্যোগত প্ৰয়াত শিক্ষক সকলৰ সোঁৱৰণত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ইং ৭ জুলাই 2024, দেওবাৰে  ''টেট্ উত্তীৰ্ণ শিক্ষক পৰিয়াল কল্যাণ মঞ্চ, অসম''ৰ উদ্যোগত বাক্সা জিলাৰ সহযোগত বৰপেটা ৰোড সাহিত্য সভা ভৱনত ''টেট্ উত্তীৰ্ণ শিক্ষক পৰিয়াল কল্যাণ মঞ্চ, অসম''ৰ সদস্য/সদস্যা প্ৰয়াত শিক্ষক ক্ৰমে অমৰেন্দ্ৰ দাস, চত্ৰজিত দাস, আৰু প্ৰয়াত শিক্ষয়িত্ৰী বিনীতা দাসৰ সোঁৱৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানতে প্ৰয়াত শিক্ষক কেইগৰাকীৰ পৰিয়ালক ন্যাসৰ তৰফৰ পৰা 55000 আৰ্থিক সাহাৰ্য প্ৰদানৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বেও পৰিয়াল তিনিটাক নগদ 15000 টকাকৈ ন্যাসৰ তৰফৰ পৰা প্ৰদান কৰিছিল।উল্লেখযোগ্য যে ঠিকাভিত্তিক টেট্ উৰ্ত্তীণ শিক্ষক সকলক লৈ গঠিত এই ন্যাসৰ পৰা বিগত বৰ্ষতো প্ৰয়াত দুজন শিক্ষকৰ পৰিয়ালক 87000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। স্মৃতিচাৰণ সভাত উপস্থিত থাকে ক্ৰমে BTR ৰ কাৰ্যবাহী সদস্য শ্ৰীযুত গৌতম দাস,AJYCP ৰ সহ সম্পাদক মৃদুল তালুকদাৰ,সদৌ অসম প্ৰাথমিক টেট্ উৰ্ত্তীণ শিক্ষক সমাজৰ উপদেষ্টা শ্ৰীযুত তপন কাকতি, সভাপতি শ্ৰীযুত ত্ৰৈলোক্য ডেকা আৰু যুটীয়া সম্পাদক শ্ৰীযুত কুলজিৎ ঠাকুৰীয়া,সহ সম্পাদক অৰূপ তালুকদাৰ,বৰপেটা জিলা সভাপতি জগদীশ কলিতা।

Comments