LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

ভয়ংকৰ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ

ভয়ংকৰ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ
ভয়ংকৰ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ ।মালবাহী ট্ৰেইনৰ সৈতে মুখামুখি সংঘৰ্ষ ।নিউ জলপাইগুড়ি ষ্টেচন এৰাৰ পিছতেই এখন মালবাহী ট্ৰেইনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।ৰেল খনত আছে অসমৰ বহু যাত্ৰী । বহুলোক হতাহত হোৱাৰ আশংকা ।
 সংঘৰ্ষৰ ফলত লাইনচ্যুত হৈছে ৰেল খনৰ কেইবাটাও দবা। দাৰ্জিলিঙৰ ফান্সিদেৱাত সংঘটিত হৈছে এই দুৰ্ঘটনা। লাইনচ্যুত দবাত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ সম্ভাৱনা। স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।
দুৰ্ঘটনাটো ৰাতিপুৱা ৯:০০ বজাত নতুন জলপাইগুৰি ষ্টেচনৰ সমীপৱৰ্তী ৰঙাপানীৰ সমীপত আগৰতলাৰ পৰা ছিলদাহলৈ যোৱা ১৩১৭৪ নং কাঞ্চনজুংগা এক্সপ্ৰেছ ৰে’লখনৰ  সংঘটিত হয়।
 দুৰ্ঘটনাটোত এই পৰ্যন্ত ৫জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহত হৈছে ৩০ জন লোক।

Comments