LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বৰপেটাত বায়ু সেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ

বৰপেটাত বায়ু সেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ
বৰপেটা জিলাৰ চহৰৰ সমীপৱৰ্তী কান্দাপাৰাৰ ছিধূনী গাঁৱৰ এখন পথাৰৰ মাজত আজি এখন ভাৰতীয় বায়ু সেনাৰ হেলিকপ্তাৰে জৰুৰী ভাৱে অৱতৰণ কৰে। বাতৰি অনুসৰি যান্ত্ৰিক বিজুতিৰ বাবে  ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ খন আজি আবেলি প্ৰায় ৪ বজাত জৰুৰী ভাবে অৱতৰণ কৰিবলগীয়া হয় ৷ 
হথাৎ এনেদৰে হেলিকপ্তাৰ এখন গাঁৱৰ পথাৰত অৱতৰণ কৰাত  হেলিকপ্তাৰ চাবলৈ বহু লোক পথাৰত সমাগম কৰা পৰিলক্ষিত হয় ৷ কান্দাপাৰা গাঁৱৰ ছিধূনী পথাৰত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰাৰ প্ৰায় আধা ঘন্টা পিছত গুৱাহাটীৰ পৰা পুনৰ এখন হেলিকপ্তাৰেৰে অভিযন্তা লৈ আহি ছিধূনী পথাৰত নমাই থৈ যায়  ৷ 
বাতৰি লিখা সময়লৈকে হেলিকপ্তাৰ খনৰ মেৰামতিৰ কাম চলি আছে ৷হেলিকপ্তাৰ খন ঠিক হৈ উঠিলে কাইলৈ লৈ যাব বুলি জানিব পৰা গৈছে ৷ হেলিকপ্তাৰ খনৰ দুয়োজন পাইলট নিৰাপদে আছে ৷ঘটনাৰ খবৰ বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্হলীত উপস্হিত হৈছে ৷

Comments