গুৱাহাটীৰ আদিত্য ৰায় চৌধুৰীয়ে ১০৫ বলত ৭৬, দিৱিজ পাঠকে ৫৯ বলত ৪৬ ৰান কৰে ।
প্ৰত্যুত্তৰত বৰপেটাই ৪৮.৫ অভাৰত ১০ উইকেট হেৰুৱায় ১৭৪ ৰান কৰিবলৈ সক্ষম হয়।
বৰপেটাৰ দিপাংকৰ পলে ৪০ বলত ৩৬, ৰঞ্জন বিকাশ দাসে ২৩ বলত ২২ ৰান কৰে ।
গুৱাহাটীৰ ৰনিত আখতাৰ ৩ টা, ৰাম কিষণ শৰ্মা ২টা আৰু বৰপেটাৰ হিমাংশু সৰস্বত ৪ টা, দিপাংকৰ পল ২টাকৈ উইকেট লাভ কৰে।
প্লেয়াৰ অফ দা মেচ: আদিত্য ৰায় চৌধুৰী(গুৱাহাটী) ১০৫ বলত ৭৬ ৰান সংগ্ৰহৰ বাবে
প্লেয়াৰ অফ দা ট্ৰুনামেন্ট : ৰাজীৱ লোচন দাস(বৰপেটা)ক ২০৩ ৰান সংগ্ৰহ কৰি ৬টা উইকেট দখল কৰাৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ : ১৫টা উইকেট দখল কৰাৰ বাবে ৰনিত আখতাৰ(গুৱাহাটী)।
প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটছমেন : ৰঞ্জন বিকাশ দাস(বৰপেটা)১৯০ ৰানৰ আকৰ্ষণীয় অৱদানৰ বাবে ।
পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, এ চি এৰ সম্পাদক ত্ৰিদিব কোঁৱৰ, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা, এ চি এৰ চি ই অ’ প্ৰীতম মহন্ত, এ চি এ এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকা, বৰপেটা ডি এছ এ সভাপতি গুনীন্দ্ৰ নাথ দাস, বৰপেটা ডি এছ এ সম্পাদক সনাতন দাস , চেয়াৰমেন ছিনিয়ৰ টুৰ্ণামেণ্ট কমিটি শংকৰ দত্ত লহকৰ উপস্থিত থাকে।
Comments
Post a Comment