LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বৰপেটাৰ চেঙাৰ বান্দালীত সংঘটিত হত্যাকাণ্ডৰ চুড়ান্ত ৰায় বৰপেটা আদালতৰ : ৬ জনক যাবজ্জীৱন কাৰাদণ্ড

বৰপেটাৰ চেঙাৰ বান্দালীত সংঘটিত হত্যাকাণ্ডৰ চুড়ান্ত ৰায় বৰপেটা আদালতৰ : ৬ জনক যাবজ্জীৱন কাৰাদণ্ড
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বান্দালী গাঁৱত প্ৰায় ১৪ মাহ পূৰ্বে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত বৰপেটা অতিৰিক্ত সত্ৰ ন্যায়াধীশ নাৰায়ণ কুৰিৰ আদালতে কালি চুড়ান্ত ৰায় প্ৰদান কৰি ৬ জনকৈ অভিযুক্তক যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা অভিযুক্ত কেইজন হৈছে ক্ৰমে তাৰাবাৰী থানাৰ অন্তৰ্গত বান্দালী গাঁৱৰ ইনজামুল খান , ছাইফুল ইছলাম , দাৰোগ আলী , বাদশা ফকিৰ , ফৰিদুল ইছলাম আৰু লাল মামুদ খান ৷ 

উল্লেখ্য যে , ২০২২ বৰ্ষৰ ১৬ এপ্ৰিলত বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দালীত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷ ৰুবুল হক চৌধুৰী নামৰ এজন যুৱকক হত্যা কৰি হত্যাকাৰীয়ে ব্ৰহ্মপুত্ৰ নদীত পেলাই দিছিল ৷ ঘটনাৰ ঠিক দুদিন পিচত অৰ্থাৎ ২০২২ বৰ্ষৰ ১৮ এপ্ৰিলত এচ ডি আৰ এফৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছিল ৰুবুল হক চৌধুৰীৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে , চতলা গাঁও নিবাসী ৰুবুল হক চৌধুৰীয়ে ২০২২ বৰ্ষৰ ১৬ এপ্ৰিলত নিজ ঘৰৰ পৰা বান্দলীস্থিত নিজৰ প্ৰেমিকাক লগ কৰাৰ বাবে চাইকেলেৰে বান্দালী গাঁৱত উপস্থিত হৈছিল ৷ ইয়াৰ পিচৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন ৷

 ২০২২ বৰ্ষৰ ১৮ এপ্ৰিলত ব্ৰহ্মপুত্ৰ নদীত ৰুবুল হক চৌধুৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত ৰুবুলৰ পৰিয়ালৰ লোকে ঘটনাটো হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে আৰু তাৰাবাৰী আৰক্ষী থানাত এখন এজাহাৰ দিয়ে ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি , অভিযুক্তসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৰুবুল আৰু ৰুবুলৰ প্ৰেমিকাই কথা পাতি থকা অৱস্থাত দুয়োকে প্ৰহাৰ কৰে আৰু ধন দাবী কৰে ৷ ধন দিব নোৱাৰাত অভিযুক্ত সকলে ৰুবুলক বাঁহৰ লাঠি , শিল , ইটাৰ টুকুৰা আদিৰে কোবাই কোবাই হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়ে ৷ অভিযুক্ত সকলে এই ঘটনাটো এক আত্মহত্যাৰ ঘটনা হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছিল ৷ 

ৰুবুল হক চৌধুৰীৰ পৰিয়ালৰ হৈ ফাইজুৰ ৰহমানে দিয়া এজাহাৰৰ ভিত্তিতে তাৰাবাৰী আৰক্ষী থানাই ৩৪/২০২২ নম্বৰৰ এটি গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত কৰে ৷ আৰক্ষীয়ে তাৰাবাৰী থানাৰ অন্তৰ্গত বান্দালী গাঁৱৰ ক্ৰমে জাকিৰ আলী ওৰফে দাৰোগ আলী , ছাইফুল ইছলাম , ইনজামুল খান , আমিৰুল ইছলাম , বাদশা ফকিৰ , ফৰিদুল ইছলাম , লাল মামুদ খান আৰু জয়নাল মিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৮৯ দিনৰ ভিতৰতে তদন্ত সম্পুৰ্ণ কপি অভিযুক্ত সকলৰ বিৰুদ্ধে ২০২২ চনৰ ১৫ জুলাইত আদালতত অভিযোগনামা দাখিল কৰে ৷ আদালতত অভিযোগ নামা দাখিল কৰে ৷ আদালতত ১৬০/২০২২ নম্বৰত গোচৰটো ৰুজু কৰি বৰপেটা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ দ্ৰুতগামী আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ 

মুঠ ২৭ টা তাৰিখত ৩২ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰাৰ লগতে চৰকাৰী অধিবক্তা জ্যোতিপ্ৰসাদ দাসে প্ৰদৰ্শন কৰা যুক্তিৰ আধাৰত বৰপেটা অতিৰিক্ত সত্ৰ ন্যায়াধীশ নাৰায়ণ কুৰিৰ আদালতে ৪১৬ দিনৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ আদালতে সাক্ষ্য প্ৰমাণৰ ভিত্তিত যোৱা ১৪ ছেপ্টেম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি)/৩৮৫/৩২৩/৩৫৪/৩০২ ধাৰাৰ অধীনত অভিযুক্ত সকলৰ ভিতৰত ক্ৰমে ইনজামুল খান , ছাইফুল ইছলাম , দাৰোগ আলী , বাদশা ফকিৰ , ফৰিদুল ইছলাম আৰু লাল মামুদ খানক দোষী সাব্যস্ত কৰে ৷ কালি আদালতে গোচৰটোৰ চুড়ান্ত ৰায় প্ৰদান কৰি অভিযুক্ত কেইজনক যাবজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে ৷ ইপিনে , ঘটনা সংঘটিত হোৱাৰ ১৪ মাহ পিচত ৰুবুল হক চৌধুৰীৰ হত্যাকাৰীয়ে শাস্তি লাভ কৰাক কেন্দ্ৰ কৰি ৰুবুলৰ পৰিয়ালে সন্তুষ্টি প্ৰকাশ কৰে ৷

Comments